পি চি অ’ এছত ভুগিলে দুৰ্বল স্মৃতি, মনঃসংযোগ কমে ৫৬ শতাংশ : গৱেষণা

0
2

পি চি অ’ এছ মানেই যে মেজাজ খিটখিটনি হৈ যায়, একল এয়াই নহয়, বৰং তাতকৈও ডাঙৰ মনঃসংযোগৰ অভাৱৰ দৰে সমস্যা হয়৷ ঋতুচক্ৰৰ তলপেটৰ বিষ, বমি বমি ভাব এই সকলো ওভাৰিয়ান ছিষ্টেমৰ উপসৰ্গ৷ পলিছিষ্টিক ওভাৰি চিনড্ৰম বা পি চি অ’ এছ হ’লে বিভিন্ন উপসৰ্গই দেখা দিব পাৰে৷ যেনে– অনিয়মিত ঋতুচক্ৰ, শৰীৰ গধুৰ লগা, মুখত ব্ৰনৰ সমস্যা, অবাঞ্ছিত নোম আদি৷ কিন্তু সাম্প্ৰতিক এক গৱেষণাত কোৱা হৈছে যে পি চি অ’ এছ কেৱল যে শৰীৰৰ কিছু সলনি ঘটায় তেনে নহয়৷ ইয়াৰ ফলত মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে৷ অকাৰণতে উদ্বেগ-উদ্বিগ্নতা আৰু তাৰ পাছত কামত ভুল কৰা আদি৷ বম্বে আই আই টিৰ গৱেষকে এক সমীক্ষাত দাবী কৰিছে যে পি চি অ’ এছৰ ফলত চিন্তা-ভাবনা বঢ়াই দিয়ে৷ দেখা গৈছে যে যিসকল মহিলাৰ এই অসুখত ভুগিছে, তেওঁলোকৰ একাগ্ৰতা, মনোযোগ দিয়াৰ ক্ষমতা প্ৰায় ৫৬ শতাংশ কমি যায়৷ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অক্ষমতা, কাম ভুল কৰা প্ৰায় দহ শতাংশ বাঢ়ে৷ ইয়াৰ লগতে দুশ্চিন্তা, উদ্বেগৰ মাত্ৰা অত্যধিক হয়৷ গৱেষকে চলোৱা গৱেষণাৰ পৰা দেখা গৈছিল যে পি চি অ’ এছত ভোগাসকলৰ মানসিক স্বাস্থ্যত ডাঙৰ প্ৰভাৱ পৰে৷ ইয়াৰ কাৰণ হ’ল হৰমনৰ তাৰতম্য৷ এই সময়ত কৰ্টিছল বা ষ্টে˜চ হৰমনৰ ক্ষৰণ বাঢ়ি যায়৷ যাৰ ফলত মানসিক চাপ, উদ্বেগ, উৎকণ্ঠা বাঢ়ি যাব পাৰে৷ হৰমনৰ তাৰতম্যৰ প্ৰভাৱ পৰে মস্তিষ্কৰ হাইপোথেলামাছ অংশত৷ সেয়ে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বা কোনো কামত মনোযোগ দিয়া তথা উপস্থিত বুদ্ধি হ্ৰাস পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here