পঁইতাভাত মানেই উপকাৰী কিন্তু এইসকলে খোৱা অনুচিত

0
3

পঁইতাভাতৰ নাম শুনিলেই বহুতৰে জিভাৰ পানী সৰকে৷ বহু প্ৰাচীন কালৰে পৰা পঁইতাভাত খোৱাৰ ৰীতি আছে৷ গৰমৰ দিনকেইটাত পুৱা পঁইতাভাত একাঁহী খোৱাৰ তৃপ্তিয়েই বেলেগ৷ পঁইতাভাতে অকল তৃপ্তিয়েই প্ৰদান নকৰে, গৰমৰ পৰা পৰিত্ৰাণ দিয়াৰ লগতে গোটেই দিনটো কাম কৰাৰ শক্তি প্ৰদান কৰে, লগতে বিভিন্ন ৰোগৰ পৰাও মুক্তি দিয়ে পঁইতাভাতে৷ গৰমৰ দিনকেইটাত পঁইতাভাত শৰীৰৰ বাবে মহৌষধ৷ পঁইতাভাতত ফেনোলিক, লিলোলেয়িক এচিড, এন্থোছায়ানিন, ফ্লাভেনয়েডছ, ফাইটোষ্টেৰল, ভিটামিন-ই, ভিটামিন-বি ১২ৰ দৰে উপকাৰী উপাদান থাকে৷ পঁইতাভাত প্ৰ’বায়’টিকৰ এটা দুৰ্দান্ত উৎস, যি উপকাৰী বেক্টেৰিয়াই অন্ত্ৰৰ স্বাস্থ্যৰ উন্নতিত যথেষ্ট সহায় কৰে৷ যাৰ ফলত হজম শক্তি উন্নত হয়৷ কিন্তু ইমান উপকাৰী হোৱাৰ সত্ত্বেও কিছুমানৰ বাবে পঁইতাভাত খোৱাৰ উচিত নহয়৷ যিসকলৰ লোকৰ ডায়েবেটিছ তথা ওজন বৃদ্ধিৰ দৰে সমস্যা আছে, তেওঁলোকে পঁইতাভাত এৰি চলাই উচিত৷ কিয়নো পঁইতাভাতত কেলৰি বেছি থাকে, যিয়ে ওজন বৃদ্ধিত সহায় কৰে৷ বাৰ ঘণ্টাতকৈ বেছি যদি ভাতৰ ফাৰমেণ্টেশ্যন হয়, তেনেহ’লে ইয়াত এলকহলৰ উপাদানৰ সৃষ্টি হয়৷ এইধৰণৰ পানী দিয়া ভাত খোৱাৰ ফলত শৰীৰত টোপনিৰ ভাব আহি থাকে বা সাংঘাতিক টোপনি লাগিব পাৰে৷ সেয়ে অফিচ অথবা গুৰুত্বপূৰ্ণ কামত যোৱাসকলে পঁইতাভাত খাই নাযাব৷ নহ’লে কামত ব্যাঘাত জন্মিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here