নতুন SOP

0
610

ৰাজ্যত কভিড পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কভিড প্ৰতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে৷ সেই অনুসৰি ১ ছেপ্টেম্বৰত দিছপুৰৰ জনতা ভৱনত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীৰ বাবে নতুন কভিড SOP ঘোষণা কৰে৷ এই SOP ১ ছেপ্টেম্বৰৰ পৰাই কাৰ্যকৰী হ’ব৷ ৰাজ্যত নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা কৰা হৈছে৷ সেই অনুসৰি নিশা ৭ বজাৰ পৰিৱৰ্তে নিশা ৯ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব৷ আনহাতে নিশা ৮ বজালৈ সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, হোটেল, ৰেস্তোৰাঁ, শ্ব’ৰূম, গেলামালৰ দোকান, ফল-মূল, পাচলিৰ দোকান আদি খুলিব পাৰিব৷ এইপৰ্যন্ত এপালিও কভিড ভেক্‌চিন নোলোৱা চৰকাৰী কৰ্মচাৰীয়ে অহা তিনি ছেপ্টেম্বৰৰ ভিতৰত কভিড ভেকচিন লোৱাটো বাধ্যতামূলক কৰা হৈছে৷ আনহাতে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত ১ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ খুলি দিয়া হৈছে৷ সকলো চৰকাৰী-বেচৰকাৰী তথা ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বাহনত ১০০ শতাংশ আসনেৰে যাত্ৰা কৰিব পাৰিব৷ অতিৰিক্তভাৱে বা থিয় কৰাই কোনো যাত্ৰী নিব নোৱাাৰিব৷ আনহাতে অতিৰিক্ত যাত্ৰী কঢ়িওৱা বাহন বা থিয় হৈ যোৱা যাত্ৰীৰ ওপৰত বৰ্ধিত হাৰত জৰিমনা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব৷ কমেও এপালি কভিড ভেক্‌চিন লোৱা লোকেহে আন্তঃজিলা যাতায়াত কৰিব পাৰিব৷ তদুপৰি সকলো যাত্ৰীৰ কাৰণে মাস্ক বাধ্যতামূলক৷ অটোৰিক্সা, টেক্সি, ৰিক্সা, ই-ৰিক্সা আদিৰ ক্ষেত্ৰতো ১০০ শতাংশ আসনেৰে যাতায়াত কৰিব পাৰিব৷ ব্যক্তিগত লঘু যান-বাহনৰে যাত্ৰা কৰিলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ বাইকত দুজন যাত্ৰীৰ অনুমতি দিয়া হৈছে৷ স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতম মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদানপৰ্ব মুকলিৰ অনুমতি দিয়া হৈছে৷ অৱশ্যে ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠ গ্ৰহণ কৰিব পাৰিব৷ আনহাতে পাঠ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীয়ে অতিকমেও এপালি কভিড ভেক্‌চিন লোৱাটো বাধ্যতামূলক৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলে কভিড ভেক্‌চিন অবিহনেই শ্ৰেণীকোঠাত পাঠ গ্ৰহণ কৰিব পাৰিব৷ মুকলি ঠাইত আয়োজিত সভা-সমিতি, সামাজিক-ৰাজহুৱা অনুষ্ঠানত কমেও এপালি কভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল’ব পাৰিব৷ এই ক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব৷ অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি, অনুষ্ঠানৰ ক্ষেত্ৰত ২০০গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব৷ প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আবদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন-ক্ষমতাৰ ৫০ শতাংশ আসন-সংখ্যাৰে অংশগ্ৰহণৰ অনুমতি থাকিব৷ বিবাহ, সকাম, মাংগলিক অনুষ্ঠান, অন্তিম সৎকাৰ আদিত কমেও ৫০ গৰাকী লোকে ভাগ ল’ব পাৰিব৷ ৰাজ্যৰ বিখ্যাত ধৰ্মীয় স্থান, কামাখ্যা, আজানপীৰ দৰগাহ আদিত ঘণ্টাত ৪০ গৰাকী লোকৰ দৰ্শনৰ অনুমতি দিয়া হৈছে৷ দৰ্শনাৰ্থীয়ে কভিডৰ কমেও এপালি ভেক্‌চিন লোৱাটো বাধ্যতামূলক৷ সাপ্তাহিক বজাৰসমূহ সৰ্বাধিক ৬ ঘণ্টাৰ বাবে মুকলিৰ অনুমতি প্ৰদান কৰা হৈছে৷ বিমান বন্দৰ, ৰে’ল ষ্টেচন আদিত কভিডৰ দুয়োপালি ভেক্‌চিন লোৱা লোকে কভিড পৰীক্ষা কৰিব নালাগে৷ সান্ধ্য আইনৰ মাজতো নৈশ বাছৰ অনুমতি দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here