ধৰা পৰিছে কৰ’না ভাইৰাছৰ আন এটা নতুন ৰূপ

0
1500

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে কৰ’না ভাইৰাছৰ এটা নতুন ‘ডাব্‌ল মিউটেণ্ট ভেৰিয়েণ্ট’– অৰ্থাৎ দুগুণ উৎপৰিৱৰ্তন ঘটা ৰূপ দেশখনৰ ১৮খন ৰাজ্যত ধৰা পেলোৱা হৈছে৷ বিদেশতো পোৱা আন বহু উদ্বেগজনক ৰূপৰ উপৰি ভাৰতত এতিয়া এই নতুন ৰূপটো ধৰা পৰিছে৷ কিন্তু এই ডাব্‌ল মিউটেণ্ট ভেৰিয়েণ্টটোৰ কাৰণে শেহতীয়াকৈ ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুতগতিত বাঢ়িছে নেকি?– সেইটো নিৰ্ণয় কৰিব পৰা হোৱা নাই৷ উল্লেখ্য যে দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৰ আশংকাই দেখা দিছে৷ দেশখনত নতুনকৈ ৪৭,২৬২জন লোকৰ সংক্ৰমণ হয়৷ এদিনতে ইমান বেছিসংখ্যক লোকৰ সংক্ৰমণ নৱেম্বৰৰ আগভাগৰ পৰা এয়ে সৰ্বাধিক৷ যোৱা ২৪ ঘণ্টাত দেশখনত কভিড-১৯ মহামাৰীত ২৭৫জন লোকৰ মৃত্যু হৈছে৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,১৭,৩৪,০৫৮জনলৈ বৃদ্ধি হৈছে৷ তেনেদৰে মৃতকৰ সংখ্যা ১,৬০,৪৪১জনলৈ বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এখন সংবাদমেলত কয় যে ভাৰতত কভিড-১৯ত মৃত্যু হোৱা লোকসকলৰ ভিতৰত প্ৰায় ৮৮ শতাংশ লোক ৪৫ বছৰ আৰু তাৰ ঊধবৰ্ৰ৷ ইফালে মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩১,৮৫৫জন লোকৰ কভিড-১৯ সংক্ৰমণ হয়৷ আনহাতে ভালেমান ৰাজ্যত কভিড-১৯ৰ দ্বিতীয়টো ঢৌ উঠিছে৷ আনহাতে কভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনে পৰিস্থিতি-ভিত্তিক স্থানীয় নিষেধাজ্ঞা তথা প্ৰতিবন্ধকতা জাৰি কৰিব পাৰিব বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ইতিমধ্যে নতুন নিৰ্দেশনা জাৰি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here