দৈনিক ৰাতি মুখত আলমণ্ড তেল লগাওক

0
2

এখন সুন্দৰ মুখৰ অধিকাৰী হ’বলৈ সকলোৰে হাবিয়াস থাকে৷ কিন্তু সেই মুখত যদি দাগ, ব্ৰুন, ডাৰ্ক স্পট আদি থাকে, মনটো ভাঙি যায়৷ সেয়েহে মুখৰ সৌন্দৰ্য ধৰি ৰখাৰ বাবে নিয়মিতভাৱে ৰাতি এইবিধ তেল মুখত ব্যৱহাৰ কৰক আৰু ফল পাওক অবিশ্বাস্য৷ এই তেলে মুখৰ ক’লা দাগ, ব্ৰুন আদি নোহোৱা কৰাত সহায় কৰে৷ এই ক্ষেত্ৰত আপোনাৰ সমস্যাৰ সমাধান কৰিব পাৰে আলমণ্ড তেল অথবা বাদাম তেলে৷ আলমণ্ড তেলে অকল খোৱাতে যে ভাল তেনে নহয়, বৰং এই তেল শৰীৰৰ ক্ষেত্ৰতো উপকাৰী৷ আলমণ্ড তেল দৈনিক শোৱাৰ আগতে মুখত লগালে যথেষ্ট সুফল পোৱা যায়৷ এইবিধ তেলত ভিটামিন-ও, ভিটামিন-ই, ভিটামিন-ডিৰ লগতে পটেচিয়াম, জিংক, আইৰন, ওমেগা-৩ ফেটি এচিড আদিৰে ভৰপূৰ৷ এইসমূহ গুণাগুণৰ বাবে আলমণ্ড অইল শৰীৰৰ পক্ষে অত্যন্ত উপকাৰী৷ কিদৰে ব্যৱহাৰ কৰিব– দুইধৰণৰ উপায়ে আলমণ্ড তেল মুখত ব্যৱহাৰ কৰিব পাৰে৷ প্ৰথমতে আপুনি আলমণ্ড তেলৰ সৈতে যিকোনো মইশ্বৰাইজাৰ মিহলি কৰক৷ ৰাতি শোৱাৰ আগতে মুখত এই মিশ্ৰণটো ভালদৰে লগাই থওক৷ দ্বিতীয়তে, ৰাতি শোৱাৰ আগতে এই মিশ্ৰণটোৰে মুখত ভালদৰে মাচাজ কৰক৷ এইদৰে এসপ্তাহমান কৰিলে মুখত পৰা ক’লা দাগ, মুখৰ ছাল শোতোৰা পৰা, stress mark দূৰ হোৱাৰ লগতে বয়সৰ চাপ নাইকিয়া কৰাত সহায় কৰে৷ আলমণ্ড অইন হ’ল প্ৰাকৃতিকভাৱে প্ৰস্তুত মইশ্বৰাইজাৰ৷ সেয়েহে শীতৰ দিনত ছালখন সুন্দৰ আৰু উজ্জ্বল কৰি ৰাখবলৈ আলমণ্ড তেল ব্যৱহাৰ কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here