উল্লেখযোগ্য যে ৰাজস্থান, কৰ্ণাটক, উত্তৰ প্ৰদেশ, দিল্লী, ছট্টিশ¸গড়, বিহাৰ, ওড়িষা, পুডুচেৰী, জম্মু আৰু কাশ্মীৰ আৰু মিজোৰামত লকডাউন ঘোষণা কৰা হৈছে৷
দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে ছুনামিৰ সৃষ্টি কৰাৰ সময়তে সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনাও ক্ৰমাৎ বৃদ্ধি পাইছে৷ উল্লেখ্য যে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেইবাখনো ৰাজ্যই সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ লগতে আন কেইবাখনো ৰাজ্যত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ তাৰ পাছতো দেশত সংক্ৰমণ হ্ৰাস পোৱা নাই৷ এনে অৱস্থাত এতিয়া সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হাতত লকডাউন একমাত্ৰ বিকল্প ৰূপে পৰিচিত হৈছে৷ কভিড-১৯ বিষয়ত কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিয়াৰ বাবে গঠন কৰি দিয়া টাস্ক ফ’ৰ্চে ইতিমধ্যে দেশত সম্পূৰ্ণ লকডাউন ঘোষণাৰ সপক্ষে মত পোষণ কৰিছে৷ টাস্ক ফ’ৰ্চৰ মুৰব্বী তথা নিটি আয়োগৰ সদস্য ভি কে পালে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশত সম্পূৰ্ণ লকডাউন ঘোষণাৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছে৷ দেশত সম্পূৰ্ণ লকডাউন ঘোষণাৰ বাবে বিভিন্ন পক্ষই দাবী জনোৱাৰ সময়তে পালে প্ৰয়োজন হ’লে লকডাউন ঘোষণা কৰা হ’ব বুলি ইংগিত দিয়ে৷ তেওঁ কয় যে সংক্ৰমণৰ শিকলি ভঙাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক নীতি-নিৰ্দেশ দিছেই৷ যদিহে অনাগত দিনবোৰত প্ৰয়োজন হয় তেতিয়া সকলো বিকল্পৰ কথা বিবেচনা কৰা হ’ব৷ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কৰ’নাৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে৷ দেশত একেৰাহে ষষ্ঠদশ দিনৰ বাবে তিনি লাখতকৈ অধিক আৰু একেৰাহে দ্বিতীয় দিনলৈ চাৰি লাখতকৈ অধিক লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছে৷ উল্লেখযোগ্য যে ৰাজস্থান, কৰ্ণাটক, উত্তৰ প্ৰদেশ, দিল্লী, ছট্টিশ¸গড়, বিহাৰ, ওড়িষা, পুডুচেৰী, জম্মু আৰু কাশ্মীৰ আৰু মিজোৰামত লকডাউন ঘোষণা কৰা হৈছে৷ মহাৰাষ্ট্ৰত লকডাউনৰ দৰেই কঠোৰ নিষেধাজ্ঞা বলৱৎ আছে৷ আনহাতে গুজৰাট, মধ্য প্ৰদেশ, পশ্চিম বংগ, অসম, তামিলনাডুসহ আন কেইবাখনো ৰাজ্যত সান্ধ্য আইনকে ধৰি বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ইফালে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও দেশত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনাইছে৷ কৰ’নাৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত কংগ্ৰেছৰ যুৱৰাজজনে প্ৰধানমন্ত্ৰী মোদীক এখন পত্ৰযোগে চাৰিটা বিশেষ পৰামৰ্শ আগবঢ়াইছে৷ সেইকেইটা হ’ল– জিনম ছিকুৱেন্সিঙৰ দ্বাৰা ভাইৰাছ আৰু ইয়াৰ মিউটেশ্যন চিনাক্ত কৰা, নতুন মিউটেশ্যন চিনাক্ত কৰি সকলো ভেক্চিনৰ মূল্যায়ন কৰা, দেশৰ সকলো নাগৰিকক দ্ৰুততাৰে ভেক্চিন প্ৰদান কৰা আৰু সকলো তথ্য স্বচ্ছতাৰে বিশ্বৰ আন দেশৰে বিনিময় কৰা৷ 



![১৬, ১৭, ১৮ অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ [পূব মণ্ডল] ৩৪সংখ্যক বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিং ফেকাল্টি হিচাপে আমন্ত্ৰণ লাভ কৰা কিডনী হস্পিটেল iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা ইউৰ’লজি আৰু ৰব’টিকছৰ মুখ্য বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথৰ কেইখনমান বিশেষ মুহূৰ্তৰ স্থিৰ চিত্ৰ৷](https://newshealthplus.com/wp-content/uploads/2025/10/e573a558-7f76-40f3-bca4-bd0aaba329f5-218x150.jpg)