দেশত একেৰাহে তৃতীয় দিনলৈ ৯০ হাজাৰৰো অধিক লোকৰ দেহলৈ কৰ’না সংক্ৰমণ

0
963

৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে৷ এই সময়ছোৱাত ভ্ৰমণ কৰিবলৈ হ’লে দিল্লী চৰকাৰৰ পৰা অনলাইনযোগে অনুমতি ল’ব লাগিব৷


ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ঢৌৰ সংহাৰ ৰূপ অব্যাহত আছে৷ দেশত যোৱা ৫ এপ্ৰিলত একেৰাহে তৃতীয় দিনৰ বাবে ৯০ হাজাৰতকৈ অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ৫ এপ্ৰিলত পুৱা ৮ বজাত দিয়া তথ্য অনুসৰি ভাৰতত ৫ এপ্ৰিলত মুঠ ৯৬,৯৮২জন লোকৰ দেহলৈ কৰ’না ভাইৰাছ সংক্ৰমণ হয়৷ ইয়াকে ধৰি দেশত মুঠ সংক্ৰমিতৰ সংখ্যা ১২৬,৮৬,০৪৯লৈ বৃদ্ধি পায়৷ দেশত বৰ্তমান ৭,৮৮,২২৩ লোক চিকিৎসাধীন হৈ আছে৷ ইফালে ৫ এপ্ৰিলত দেশত এই ৰোগত আক্ৰান্ত হৈ ৪৪৬ লোকৰ মৃত্যু হোৱাৰ পাছত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ মুঠ লোকৰ সংখ্যা ১,৬৫,৫৪৭লৈ বৃদ্ধি পালে৷ উল্লেখ্য যে ভাৰতত দেওবাৰে এদিনত সৰ্বাধিক ১.০৩ লাখ লোকৰ সংক্ৰমণ হৈছিল৷ ৫ এপ্ৰিলত দেশৰ ভিতৰত সৰ্বাধিকসংখ্যক ১৫৫ লোকৰ মৃত্যু হয় মহাৰাষ্ট্ৰত৷ ৰাজ্যখনত যোৱা ৫ এপ্ৰিলত দেশৰ ভিতৰতে সৰ্বাধিক ৪৭,২৮৮ লোকৰ সংক্ৰমণ হয় মহাৰাষ্ট্ৰত আৰু দিল্লীত যোৱা ৬ এপ্ৰিলত ৫১০০ লোকৰ দেহলৈ নতুনকৈ কৰ’নাৰ সংক্ৰমণ হয়৷ ৰাজধানী দিল্লীত কৰ’নাৰ সংক্ৰমনে পুনৰ ভয়াৱহ ৰূপ লোৱাৰ পাছত কেন্দ্ৰীয়শাসিত অঞ্চলটোত ৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে৷ এই সময়ছোৱাত ভ্ৰমণ কৰিবলৈ হ’লে দিল্লী চৰকাৰৰ পৰা অনলাইনযোগে অনুমতি ল’ব লাগিব৷ ইফালে বিহাৰৰ ৰাজধানী পাটনাত কৰ’নাৰ ভেকচিনৰ দ্বিতীয়টো ড’জ লোৱাৰ প্ৰায় এসপ্তাহৰ পাছত ১৮৭জন স্বাস্থ্য কৰ্মীৰ কৰ’নাৰ সংক্ৰমণ হৈছে৷ এই চিকিৎসা কৰ্মীসকলৰ ভিতৰত নালন্দা চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ তিনিজন চিকিৎসক আৰু দুগৰাকী নাৰ্ছো আছে৷ ইফালে নিটি আয়োগৰ সদস্য ভি কে পালে কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণ এনেদৰে অব্যাহত থাকিলে দেশ ভয়াৱহ ক্ষতিৰ সন্মুখীন হ’ব৷ তেওঁ লগতে কয় যে দেশত অতি ক্ষিপ্ৰ গতিত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে আৰু অহা চাৰি সপ্তাহ অতি গুৰুত্বপূৰ্ণ হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here