দিনৰ কোন সময়ত আম খোৱা স্বাস্থ্য উপযোগী

0
2

সুস্বাদু বতৰৰ আম খাবলৈ সকলোৱে ভাল পায়৷ আনহাতে ইয়াৰ উপকাৰো আছে যথেষ্ট৷ ফলৰ ৰজা আম এইকেইদিন সহজলভ্যৰ লগতে সকলোৰে ঘৰতে মজুত থাকে৷ আমত প্ৰচুৰ পৰিমাণে ভিটামিন এ, ভিটামিন-চি পোৱা যায়৷ লগতে ফাইবাৰ, এণ্টিঅক্সিডেণ্ট আৰু প্ৰাকৃতিক চেনিৰে ভৰপূৰ৷ আম খাবলৈ যিমান সোৱাদ, সিমানে ইয়াৰ আছে স্বাস্থ্য উপকাৰো৷ বজাৰৰ পৰা আনিয়েই আম খোৱাত লাগি যায়৷ কিছুৱে নিশা ভাত খোৱাৰ পাছতো আম খায়৷ অৱশ্যে আম খোৱাৰ ক্ষেত্ৰত কিছুমান বিশেষ নিয়ম আছে৷ এই নিয়মবোৰ নামানিলে উপকাৰতকৈ অপকাৰ বেছি হোৱাৰ সম্ভাৱনা থাকে৷ দিনৰ কোন সময়ত আম খোৱা হয় সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ৷ বহুতেই পুৱা, দুপৰীয়া নিশা ডিনাৰৰ সময়তো আম খায়৷ বহুতেই আকৌ আমৰ জুচ, আইচক্ৰিম, আমৰ জেলি, অথবা কেঁচাই ভাজিও খায়৷ চিকিৎসকে কোৱা মতে পুৱা অথবা দুপৰীয়া আম খোৱা স্বাস্থ্যকৰ৷ কিন্তু সূৰ্য ডুবাৰ পাছত অৰ্থাৎ সন্ধিয়া বা ৰাতিৰ ভাগত আম খোৱা একেবাৰে অস্বাস্থ্যসন্মত অভ্যাস৷ নিশাৰ ভাগত আম খালে গুৰুতৰ শাৰীৰিক সমস্যা হ’ব পাৰে৷ কাৰণ নিশা আম খালে হজম প্ৰক্ৰিয়া ধীৰগতিত হৈ যায়৷ যাৰ ফলত ৰাতি আমৰ দৰে পুষ্টিকৰ ফল খোৱা উচিত নহয়৷ ইয়াৰ ফলত বদহজম, গেছ, পেটৰ বিষৰ দৰে সমস্যাই দেখা দিব পাৰে৷ ৰাতি আম খোৱাৰ ফলত শৰীৰৰ ওজন দ্ৰুতগতিত বাঢ়িব পাৰে৷ কাৰণ আমত উচ্চ কেলৰি পোৱা যায়৷ শৰীৰ এনাৰ্জিৰ মাত্ৰা বাঢ়িব পাৰে ৰাতি আম খালে৷ ৰাতি আম খোৱাৰ ফলত অনিদ্ৰাৰ সমস্যা বাঢ়িব পাৰে৷ সেয়ে ৰাতি আম খোৱাৰ পৰিৱৰ্তে পুৱা অথবা দুপৰীয়া খোৱাৰ অভ্যাস কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here