থাইৰয়েড, পাইলছৰ সমস্যা নিৰাময়ৰ বাবে মাৰ্জাৰাসন কৰক

0
135

যোগাসনে আমাৰ শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ তথা নিৰ্মূল কৰিব পাৰে৷ কোনোধৰণৰ ঔষধ সেৱ নকৰাকৈয়ে যদি নিয়মিতভাৱে যোগাসন অভ্যাস কৰিব পাৰে, তেন্তে হাৰ্ট, থাইৰয়েড, পাইলছ, ভৰি-হাত, কঁকাল আদি সকলো অংগৰে সমস্যা সহজে সমাধান কৰিব পৰা যায়৷ মাত্ৰ একনিষ্ঠভাৱে যোগ সাধনা কৰাৰ প্ৰয়োজন৷ শৰীৰৰ বিভিন্ন ৰোগ তথা আন অসুবিধা নোহোৱা কৰিব পৰা এবিধ আসন হ’ল মাৰ্জাৰাসন৷ মাৰ্জাৰ অৰ্থ হ’ল বিডা.ল বা মেকুৰী৷ মেকুৰীৰ নাম অনুসৰি এই আসনৰ নাম মাৰ্জাৰাসন হৈছে৷ এই আসন কৰিলে আসনভংগী দেখাত মেকুৰীৰ দৰে দেখি৷ নিতম্বৰ বিষষ কঁকালৰ বিষ, পিঠি আৰু পেটৰ অতিৰিক্ত চৰ্বি কমাবলৈ এই আসন কৰিব পাৰে৷ তদুপৰি থাইৰয়েড, পাইলছৰ সমস্যা, হজম শক্তি বৃদ্ধি, দুৰ্বলতা, দুশ্চিন্তা আৰু মানসিক শান্তৰ বাবে মাৰ্জাৰাসন খুব উপকাৰী৷
কিদৰে কৰিব মাৰ্জাৰাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে বজ্ৰাসনত বহক৷ এতিয়া দুয়োখন হাত ফাক কৰি কান্ধ আৰু হাতৰ ওপৰত শৰীৰৰ ভৰ দি মেকুৰীৰ বা ঘোঁৰাৰ থিয় হৈ থকা ভংগীত থাকক৷ দুয়োখন হাতৰ তলুৱা মাটিত ৰাখিব৷ এতিয়া মূৰটো ওপৰলৈ তুলি দীঘলীয়াকৈ শ্বাস লৈ বুকুখন ফুলাই দিব আৰু এই অৱস্থাত পেটটো ভিতৰলৈ নিয়াৰ সময়ত পিঠিখন ওপৰলৈ উঠি যাব৷ এই অৱস্থাটো দেখাত মেকুৰীয়ে থিয় হোৱাৰ লেখীয়া দেখা যাব৷ অলপ সময়ত থকাৰ পাছত পুনৰ আগৰ অৱস্থালৈ আহক আৰু স্বাভাৱিক শ্বাস-প্ৰশ্বাস লওক৷ এইদৰে ৪০-৬০ ছেকেণ্ড ধৰি এই আসন কৰক৷ লাহে লাহে সময় বঢ়াই যাব৷ এইদৰে কৰাৰ ফলত সাংঘাতিক সুফল লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here