তেজপাতৰ ইমান গুণ আছেনে ? আপুনিও জানি থওক

0
61

তেজপাত– যাক সাধাৰণতে ৰন্ধন প্ৰণালীত মছলা হিচাপে ব্যহৱাৰ কৰা হয়৷ ৰন্ধন প্ৰকৰণত অকল স্বাদ অথবা গোন্ধৰ বাবেই তেজপাত ব্যৱহাৰ কৰা নহয়৷ তেজপাতক ব্যঞ্জনত ব্যৱহাৰ কৰাৰ উপৰি চাহ প্ৰস্তুত কৰাতো ইয়াক ব্যৱহাৰ কৰা হয়৷ ইয়াৰ বহুতো আছে স্বাস্থ্য উপকাৰিতা, যি কথা জানিলে হয়তো আপুনি আচৰিত হৈ যাব৷ তেজপাতৰ স্বাস্থ্য উপকাৰী গুণাগুণৰ বিষয়ে জানো আহক৷
তেজপাতে হজম শক্তি উন্নত কৰে৷ গেছ, পেট ফুলি থকা, বদহজনমৰ সমস্যা আদি নোহোৱা কৰাত তেজপাতে সহায় কৰে৷ ইয়াত থকা এমজাইমে এইসমূহ সমস্যা সহজে সমাধান কৰিব পাৰে৷
তেজপাতে তেজৰ গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ আনহাতে ডায়েবেটিছ ৰোগীৰ বাবে তেজপাত অতি উত্তম৷
তেজপাত এণ্টি ইনফ্লমেটৰি বৈশিষ্ট্যৰে পৰিপূৰ্ণ৷ ইয়াত থকা যৌগবোৰে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে৷ বিশেষকৈ আথ্ৰাইটিছ বা জয়েণ্টৰ বিষৰ সমস্যা তেজপাতে সহজে সমাধান কৰিব পাৰে৷
তেজপাতত থকা এণ্টিঅক্সিডেে্‌ণ্ট শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷ চৰ্দি, কাহ আদি নিৰাময়ত তেজপাতে যথেষ্ট উপকাৰ সাধন কৰে৷
তেজপাত হৃদৰোগীৰ বাবে যথেষ্ট উপকাৰী৷ তেজপাতত থকা পটাচিয়াম, মেগনেচিয়াম আৰু এণ্টিঅক্সিডেণ্টে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে৷
মানসিক স্বাস্থ্যত তেজপাতে মেডিচিনৰ দৰে কাম কৰে৷ তেজপাত পুৰি ইয়াৰ গোন্ধ ল’লে মানসিক চাপ, উদ্বেগ আদি কমি যোৱাৰ সহায় কৰে৷
ইয়াৰ উপৰি তেজপাতে চুলিৰ তথা ছালৰ স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰ কৰে৷ তেজপাত তিওৱা পানী চুলিৰ উফি দূৰ কৰাৰ লগতে ছালৰ বিভিন্ন সমস্যা সহজে সমাধান কৰিব পাৰে৷
অৱশ্যে অতিৰিক্ত তেজপাত খালে হজমৰ সমস্যা হ’বb পাৰে৷ ইয়াৰ লগতে গৰ্ভৱতী মহিলাই তেজপাত খোৱাৰ আগতে চিকিৎসকলৰ পৰামৰ্শ লোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here