ভৰিৰ পতা ফুলি গৈছে অথবা ঘন ঘনকৈ প্ৰস্ৰাৱৰ প্ৰৱণতা বাঢ়িছে৷ তেজত ক্ৰিয়েটিনিন বাঢ়িলে এইধৰণৰ উপসৰ্গই দেখা দিব পাৰে৷ তেজত ত্ৰিয়েটিনিনৰ পৰিমাণ বাঢ়ি যোৱা মানে কিডনীয়ে সঠিকভাৱে কাম কৰাত ব্যাঘাত জন্মে৷ পেশীৰ পৰা শৰীৰৰ যি সমস্ত দূষিত পদাৰ্থ বাহিৰ হয়, সেই কিডনীয়ে ফিল্ডাৰ কৰিব নোৱৰাৰ বাবে তেজত মিহলি হ’বলৈ আৰম্ভ কৰে৷ তেতিয়া শৰীৰত কিছু উপসৰ্গই দেখা দিয়ে৷ ক্ৰিয়েটিনিন একপ্ৰকাৰ বৰ্জ্য পদাৰ্থ, যি পেশীৰ ব্যৱহাৰত উৎপন্ন হয়৷ ক্ৰিয়েটিন ফটফেটৰ মেটাবোলাইট হ’ল ক্ৰিয়েটিনিন, যিয়ে পেশী এলাৰ্জিৰ উৎস হিচাপে ব্যৱহাৰ কৰে৷ কিডনীয়ে তেজৰ পৰা ক্ৰিয়েটিনিন ফিল্ডাৰ কৰি মূত্ৰ আকাৰে বাহিৰ কৰি দিয়ে৷ কিন্তু কিডনী সুস্থ নাথাকিলে এই প্ৰক্ৰিয়া সঠিকভাৱে সম্পন্ন নহয়৷ তেতিয়া তেজত ক্ৰিয়েটিনিনৰ মাত্ৰা বাঢ়ি যায়৷ যাৰ ফলত কিডনী বিকল হ’ব পাৰে৷ তেজত ক্ৰিয়েটিনিনৰ মাত্ৰা বেছি থকা মানেই কিডনীয়ে সঠিকভাৱে কাম কৰাত ব্যাঘাত জন্মা৷ কিডনী বিকল হ’লে শৰীৰত হঠাতে তৰলৰ পৰিমাণ বাঢ়ি যা,, যাৰ ফলত শ্বাসকষ্ট আৰম্ভ হ’ব পাৰে৷ চিকিৎসা বিজ্ঞানৰ পৰিভাষাত ইয়াক ডিচনিয়া বোলা হয়৷ তেজত ক্ৰিয়েটিনিনৰ মাত্ৰা বাঢ়ি গ’লে অতিৰিক্ত ক্লান্তি ভাব হয়, শৰীৰ অৱশ, ভাগৰুৱা হৈ পৰে৷আনহাতে তেজত ক্ৰিয়েটিনিনৰ পৰিমাণ বাঢ়ি গ’লে সঘনাই প্ৰস্ৰাৰ কৰা লাগি থাকে৷ কিডনীয়ে সঠিকভাৱে কাম নকৰিলে শৰীৰত পানী জমা হ’বলৈ আৰম্ভ কৰে৷ যাৰ ফলত ভৰিৰ পতা, গোৰোহা আদি ফুলি উঠে৷ আনহাতে গৱেষণাত দেখা গৈছে যে অতিৰিক্ত পৰিমাণৰ প্ৰ’টিন গ্ৰহণ কৰিলেও ক্ৰিয়েটিনিনৰ মাত্ৰা বাঢ়িব পাৰে৷ বিশেষকৈ ৰন্ধা ৰেড মিটত ক্ৰিয়েটিনিনৰ পৰিমাণ বাঢ়ি যায়৷ ৰন্ধাত ব্যৱহাৰ কৰা তাপৰ ফলত মাংসত থকা ক্ৰিয়েচিনক ক্ৰিয়েটিনিনলৈ ৰূপান্তৰ কৰে৷ আনহাতে বেছিকৈ ফাইবাৰ থকা খাদ্য গ্ৰহণ কৰা উচিত৷ ফাইবাৰ থকা খাদ্য খোৱাৰ ফলত তেজত ক্ৰিয়েটিনিনৰ মাত্ৰা কমি যায়৷ ক্ৰিয়েটিনি কমাবলৈ আলু, বিলাহী, দুগ্ধজাত খাদ্য, কল, কমলাটেঙা, আচাৰ, প্ৰক্ৰিয়াজাত মাংস, ব্ৰাউন ৰাইচ আদি খাদ্য তালিকাৰ পৰা বাদ দিয়ক৷ যিবোৰ খাদ্যত অতিৰিক্ত নিমখ থাকে. সেইবোৰ খাদ্যই ৰক্তচাপ বঢ়াই দিব পাৰে৷ প্ৰক্ৰিয়াজাত খাদ্যত উচ্ছ পৰিমাণৰ ফচফৰাছ আৰু ছ’ডিয়াম থাকে, যিয়ে কিডনীৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷