তিনি বছৰ আগতে চিনাক্ত হ’ব কেঞ্চাৰ! নেপথ্যত আছে বিশেষ তেজ পৰীক্ষা

0
5

শৰীৰত লক্ষণ দেখা দিয়াৰ প্ৰায় তিনি বছৰৰ আগতে কেঞ্চাৰ চিনাক্ত কৰা সম্ভৱ৷ আমেৰিকাৰ জনছ হপকিন্স ইউনিভাৰছিটিৰ গৱেষকে ইয়াৰ বাবে এটা বিশেষ তেজ পৰীক্ষা কৰি সুফল পাইছে৷ কেঞ্চাৰৰ চিনাক্তকৰণৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ চিকিৎসাৰ গতি-প্ৰকৃতি৷ বিভিন্ন সময়ত কেঞ্চাৰ দেহত থিতাপি লোৱাৰ বহু দেৰিকৈ জনা যায়৷ সেয়ে চিকিৎসা বিজ্ঞানৰ অন্যতম সাফল্য সঠিক সময়ত কেঞ্চাৰ চিনাক্তকৰণৰ এই প্ৰক্ৰিয়া৷ গৱেষকে দাবী কৰিছে যে এই তেজ পৰীক্ষাৰ জৰিয়তে কোনো ব্যক্তিৰ দেহত কেঞ্চাৰৰ লক্ষণ প্ৰায় তিনি বছৰ আগতেই জানিব পৰা যাব৷ উক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে এই তেজ পৰীক্ষাৰ জৰিয়তে জিনগত বিশ্নেষণৰ দ্বাৰা শৰীৰত কোনো সম্ভাৱ্য টিউমাৰক চিনাক্ত কৰিব পৰা হ’ব৷ মাল্টি কেঞ্চাৰ আৰ্লি ডিটেকশ্যন তেজ পৰীক্ষাত ব্যক্তিজনৰ তেজত থকা টিউমাৰৰ ডি এন এ চিনাক্ত কৰিব পৰা যাব৷ ক্ষুদ্ৰ অংশবোৰ শৰীৰত কেঞ্চাৰৰ লক্ষণ প্ৰকাশৰ আগতে ইয়াৰ উপস্থিতি চিনাক্ত কৰিব পাৰিব৷ গৱেষকে এই পৰীক্ষাৰ বাবে মুঠ ৫২ জন ব্যক্তিৰ প্লাজমাৰ নতুন পৰীক্ষা কৰিছিল৷ তেওঁলোকৰ মাজৰ ৪ গৰাকী পৰৱৰ্তী ছমাহৰ ভিতৰত কেঞ্চাৰত আক্ৰান্ত হোৱাৰ বিপৰীতে বাকী ব্যক্তিসকলৰ কেঞ্চাৰ নাছিল৷ এই ৫২ গৰাকীৰ মাজত আঠজনৰ তেজত কেঞ্চাৰৰ টিউমাৰ পোৱা গৈছে৷ আৰু তেওঁলোকৰ ভিতৰত চাৰিজন পৰৱৰ্তী চাৰি মাহৰ ভিতৰত কেঞ্চাৰত আক্ৰান্ত হৈছে৷ আঠজন কেঞ্চাৰ আক্ৰান্ত ব্যক্তিৰ ভিতৰত ছজনৰ ক্ষেত্ৰতে অতীতৰ তেজ পৰীক্ষাৰ ৰিপ’ৰ্ট পৰীক্ষা কৰি গৱেষকে দেখিবলৈ পাইছে সেই ৰিপ’ৰ্টবোৰ তিনি-চাৰে তিনি বছৰৰ ভিতৰত৷ চাৰিজনৰ ক্ষেত্ৰত আগেয়ে কেঞ্চাৰ টিউমাৰৰ উপস্থিতি লক্ষ্য কৰা হৈছে, যাৰ অৰ্থ– এইধৰণৰ তেজ পৰীক্ষা জৰিয়তে তিনি বছৰৰ আগতে কেঞ্চাৰ চিনাক্তকৰণ কৰা সম্ভৱ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here