ড্ৰেগন ফল কিদৰে খালে বেছি উপকাৰ পাব

0
3

বিদেশী ফল হ’লেও ড্ৰেগন ফলৰ উপকাৰিতা কেইবাগুণো আছে৷ দৈনিক খাদ্য তালিকাৰ বৈশিষ্ট্য আনিব পাৰে এই ড্ৰেগন ফলে৷ পুষ্টিগুণসমৃদ্ধ এইবিধ ফলৰ এতিয়া বজাৰ দামো কমিছে৷ কিছু কথালৈ মন কৰিলে ইয়াৰ উপকাৰ দুগুণ পাব পাৰে৷ ড্ৰেগন ফল কেইবা প্ৰকাৰ আছে৷ ফলটোৰ ভিতৰৰ অংশ বগা, মেজেণ্ডা ৰঙৰ৷ সকলো প্ৰকাৰৰ ড্ৰেগন ফলেই উপকাৰী৷ এই ফলত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়৷ প্ৰতি দহ গ্ৰাম ড্ৰেগন ফলত পোন্ধৰ গ্ৰাম কাৰ্বহাইডেৰেট আৰু তিনি গ্ৰাম ফাইবাৰ থাকে৷ এই কাৰ্বহাইড্ৰেট হ’ল ফ্ৰুক্টজ অৰ্থাৎ ফলজ শৰ্কৰা৷ এশ গ্ৰাম ড্ৰেগন ফল খালে ৫০-৬০ গ্ৰাম কেলৰি পোৱা যায়৷ এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ দৈনিক প্ৰয়োজনীয় পাঁচ শতাংশ ভিটামিন-চি আৰু দুই শতাংশ মেগমেচিয়াম পোৱা যায় এশ গ্ৰাম ড্ৰেগন ফল খালে৷ এই ফলত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে৷ ফ্লেভোনয়েডছ আৰু অন্যান্য এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে পোৱা যায় ড্ৰেগন ফলত৷ দেহৰ তাৰণ্য ধৰি ৰখাত সহায় কৰে এই এণ্টি অক্সিডেণ্টে৷ ছালৰ মসৃণতা-উজ্জ্বলতা বা স্থিতিস্থাপকতা সঠিক কৰি ৰাখে কোলাজেন নামৰ প্ৰ’টিনে৷ এই কোলাজেন প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় ভিটামিন-চি ড্ৰেগন ফলৰ পৰা পোৱা যায়৷ ছালত পৰা বয়সৰ চাপ ৰুধিবলৈ ড্ৰেগন ফলত থকা এণ্টিঅক্সিডেণ্ট ড্ৰেগন ফলত থাকে৷ ড্ৰেগন ফলত পোৱা ফাইবাৰে পেটৰ বিভিন্ন সমস্যা, কোষ্ঠকাঠিন্য আদি দূৰ কৰাত সহায় কৰে৷ ড্ৰেগন ফলে প্ৰ’বায়’টিক হিচাপেও কাম কৰে৷ প্ৰ’বায়’টিক হ’ল এনে এক উপাদান, যিয়ে আমাৰ অন্ত্ৰত থকা জীৱাণুৰ পুষ্টি যোগায়৷ পেটৰ সুস্থতাৰ বাবে বেক্টেৰিয়া আৱশ্যক৷ ই আমাৰ খাদ্যৰ পৰিপাক ক্ৰিয়াত সহায় কৰে৷ ইয়াৰ উপৰি জীৱাণুৰ উপস্থিতিত ক্ষতিকৰ জীৱাণু বৃদ্ধিত সুযোগ নিদিয়ে৷ ড্ৰেগন ফলে আইৰন ৰক্তশূন্যতা প্ৰতিৰোধত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here