ডেল্টা ভেৰিয়েণ্ট ভেক্‌চিন লোৱাৰ পাছতো হ’ব পাৰে সংক্ৰমণ

0
858

কৰ’না ভাইৰাছৰ যিকোনো ভেক্‌চিন লোৱাৰ পাছতো ভাৰতৰ কৰ’নাৰ ভেৰিয়েণ্ট ডেল্টাৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে৷ দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইম্‌ছ আৰু নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল চমুকৈ এন চি ডি চি-এ কৰা সুকীয়া সুকীয়া গৱেষণাৰ পৰা এই কথা পোহৰলৈ আহিছে৷ অধ্যয়নটোৰ মতে ভাৰতত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌ অধিক ভয়াৱহ হৈ উঠাৰ কাৰণ হৈছে নতুন ভেৰিয়েণ্ট ডেল্টাৰ প্ৰভাৱ৷ ভাৰতত পোৱা এই ডেল্টা ভেৰিয়েণ্টৰ ব্ৰিটেইনত পোৱা আলফা ভেৰিয়েণ্টতকৈ ৪০-৫০ শতাংশ অধিক সংক্ৰামক৷ ভাৰতত পোৱা বি.১.৬১৭.২ নামৰ নতুন ভেৰিয়েণ্টৰ বাবে কৰ’না ভেক্‌চিন লোৱাৰ পাছতো পুনৰ কৰ’নাত আক্ৰান্ত হৈছে৷ এইম্‌ছৰ অধ্যয়নটোৰ মতে হাস্পতালখনত ভৰ্তি হোৱা ৬২জন কৰ’না ৰোগীৰ ভিতৰত ৫৩ জনেই কৰ’না হোৱা আগতে লৈছিল কৰ’নাৰ ভেক্‌চিন৷ কিন্তু এইসকল ৰোগীৰ দেহত ধৰা পৰিছিল ডেল্টা ভেৰিয়েণ্টৰ ভাইৰাছ৷ ইফালে ভেক্‌চিনৰ এপালি লোৱা ৭৬.৯শতাংশ লোকৰ আৰু ভেক্‌চিনৰ দ্বিতীয় পালি লোৱা ৬০ শতাংশ লোক ডেল্টা ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমণ হোৱা তথ্য পোৱা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here