ডিম্বাণু আৰু শুক্ৰাণুতো প্লাষ্টিক!

0
3

প্লাষ্টিকৰ কণাৰে জন্মিব নেকি শিশু ?
তেজ তথা মস্তিষ্কত প্লাষ্টিক পোৱা গৈছে আগতে৷ আৰু এইবাৰ ডিম্বাণু আৰু শুক্ৰাণুতো মাইক্ৰ’প্লাষ্টিক উপস্থিতি ধৰা পৰিছে৷ প্ৰসূতিৰ গৰ্ভত প্লাষ্টিকৰ সূক্ষ্মাতিসূক্ষ্ম প্লাষ্টিকৰ কণা বা মাইক্ৰ’প্লাষ্টিক পোৱা পাছত বিপদ আৰু বাঢ়িছে৷ ইয়াৰ অৰ্থ ডিম্বাণু আৰু শুক্ৰাণুতো প্লাষ্টিক কণা অৱস্থান কৰিছে৷ তেনেহ’লে এইবাৰ শৰীৰত প্লাষ্টিকৰ কণা লৈয়ে শিশু জন্মিব নেকি? এইধৰণৰ গুণা-গঁথাও চলিছে৷ ইউৰোপিয়ান ছ’চাইটি অব হিউমেন ৰিপ্ৰডাকশ্যন এণ্ড এমব্ৰায়োলজিত প্ৰকাশিক তথ্য অনসৰি ডিম্বাশয়ৰ ভিতৰত যি ফলিকিউলাৰ ফ্লুইড ডিম্বাণুক আৱৰি ৰাখে, তাৰ মাজত পোৱা গৈছে গুৰি প্লাষ্টিক৷ আনহাতে শুক্ৰাণুৰ ভিতৰতো পোৱা গৈছে প্লাষ্টিকৰ কণা৷ গৱেষকৰ ধাৰণা, ৰক্তস্ৰোাতেৰে বাহিত হৈয়ে জনন কোষত প্ৰৱেশ কৰিছে মাইক্ৰ’প্লাষ্টিক৷ গৱেষকে ২৯ গৰাকী মহিলাৰ ফলিকিউলাৰ ফ্লুইড [যি তৰলৰ মাজত ডিম্বাণু বিকশিত হয়] আৰু ২২ জন পুৰুষৰ চেমিনাল ফ্লুইড [যি তৰলত শুক্ৰাণু থাকে]ক লৈ পৰীক্ষা কৰা হৈছিল৷ তাত দেখা পোৱা গৈছিল যে মহিলাসকলৰ শতাংশ ফলিকিউলাৰ ফ্লুইড গুৰি প্লাষ্টিকেৰে ভৰ্তি আৰু পুৰুষৰ ক্ষেত্ৰত ই প্ৰায় শতাংশ৷ বিজ্ঞানীয়ে আশংকা কৰিছে জনন যদি প্লাষ্টিক থাকে, তেনেহ’লে হ’লে হয়তো শৰীৰৰ ভ্ৰূণৰ শৰীৰ গঠনৰ সময়ত প্লাষ্টিকৰ কণা প্ৰৱেশ কৰিছে৷ নেদাৰলেণ্ডৰ বিজ্ঞানীয়ে কিছুদিন আগেয়ে এক গৱেষণা পত্ৰত লিখিছিল, মানুহৰ তেজত মাইক্ৰ’প্লাষ্টিক বিপজ্জনক হাৰত বৃদ্ধি পাইছে৷ তেজত এবাৰ প্লাষ্টিক প্ৰৱেশ কৰিলে বিভিন্ন অংগ-প্ৰত্যংগলৈ সহজে বিস্তাৰিত হ’ব পাৰে৷ প্লাষ্টিকৰ প্ৰদূষণৰ ফলত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিশুসকল৷ মাইক্ৰ’প্লাষ্টিক শৰীৰৰ তেজত মিহলি হৈ বিভিন্ন জটিল ৰোগৰ কাৰণ হ’ব পাৰে৷ কাৰণ প্ৰাপ্তবয়স্কৰ তুলনাত শিশুৰ শৰীৰত প্ৰায় দহগুণ বেছি মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে৷ আৰু এইে্‌বাৰ পিতৃ-মাতৃ অথবা খাদ্যৰ জৰিয়তে পাইছে৷ পানীৰ বটল, খাদ্যৰ পেকেট, গাখীৰৰ পেকেটৰ পৰা আৰম্ভ কৰি ফেচৱাছ, কছমেটিক্স আদিত৷ মাইক্ৰ’প্লাষ্টিক দিনৰ পাছত দিন শৰীৰৰ ভিতৰত তেজত মিহলি হৈ থাকিলে বিভিন্ন জটিল ৰোগৰ কাৰণ হ’ব পাৰে৷ প্লাষ্টিক তেজত মিহলি হৈ ইনছুলিনৰ ক্ষৰণত প্ৰভাৱ পৰে৷ যি পৰৱৰ্তী সময়ত ডায়েবেটিছৰ কাৰণ হ’ব পাৰে৷ অকল এয়াই নহয়, প্লাষ্টিকে শৰীৰৰ হৰমনৰ ভাৰসাম্যও সলনি কৰি দিব পাৰে৷ জনন কোষত প্লাষ্টিকৰ প্ৰৱেশ ঘটিলে প্ৰজনন প্ৰক্ৰিয়াত ব্যাহত হ’ব পাৰে৷ বন্ধ্যাত্বৰ সমস্যা বাঢ়িব পাৰে, অথবা জটিল ৰোগ লৈ সন্তান জন্মিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here