আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে নিয়মিত চকু পৰীক্ষা কৰা জৰুৰী৷ ডায়েবেটিছ ৰোগৰ প্ৰভাৱ সহজে চকুত পৰে৷ চকুৰ ছানি পৰা ৰোগকে ধৰি একাধিক ৰোগ গৈ চকুৰ ৰেটিনাৰ ক্ষতি কৰিব পাৰে৷ ডায়েবেটিক ৰেটিনোপেথিৰ ক্ষেত্ৰত প্ৰাথমিক পৰ্যায়ত ৰেটিনাৰ ৰক্তবাহী সৰু ধমনীবোৰ দুৰ্বল হয়৷ ফলত একপ্ৰকাৰ ফ্লুইডৰ ক্ষৰণ আৰম্ভ হয়৷ দৃষ্টিশক্তি কমিবলৈ আৰম্ভ কৰে৷ পৰৱৰ্তী পৰ্যায়ত ধমনীৰ তেজ চলাচলৰ সমস্যা আৰু বাঢ়ি যায়৷ যাৰ ফলত ৰেটিনাৰ সকলো অংশলৈ ঠিকমতে অক্সিজেন সৰবৰাহ নহয়৷ চকুৰ ৰক্তক্ষৰণ আৰম্ভ হয়৷ চিকিৎসা ভাষাত এই সমস্যাক ভিট্ৰিয়াছ হেমাৰেজ বোলা হয়৷ এই সমস্যাত ভোগাসকলৰ বিশেষকৈ ডায়েবেটিছ ৰোগীৰ দৃষ্টিশক্তি নষ্ট হৈ যায়৷ এই ৰোগত আক্ৰান্তৰ ওচৰ বা দূৰৰ বস্তু দেখাত সমস্যা হয়৷ এই ৰোগৰ আক্ৰান্ত ব্যক্তিয়ে ৰং দেখাৰ সমস্যা হয়৷ চকুৰে স্বাভাৱিকভাৱে দেখি কেতিয়াবা হঠাতে চাৰিওফাল অন্ধকাৰ দেখে৷ অথবা কোনো নিৰ্দিষ্ট কোণৰ অংশ দেখা নাপায়৷ চকুৰ কোণত পোকৰ দৰে কিছু ঘূৰি থকা অনুভৱ হয়৷ এই ধৰণৰ উপসৰ্গ দেখা দিলে চিকিৎসকৰ কাষ চপা অত্যন্ত জৰুৰী৷ শৰীৰত ডায়েবেটিছৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখা, কলেষ্টৰেল মাত্ৰা নিয়ন্ত্ৰণ ৰখা, খোৱা-বোৱাৰ ক্ষেত্ৰত সতৰ্ক হোৱা লগতে বছৰত এবাৰ চকু পৰীক্ষা কৰাটো নিতান্তই প্ৰয়োজনীয়৷