Beauty PlusDiet PlusFitness PlusHealth NaturallyHealth Talksডাব নাৰিকলৰ পানী অমৃততুল্যBy Health Plus - June 4, 202506Facebook Twitter Pinterest WhatsApp বছৰৰ সকলো সময়তে ডাব নাৰিকলৰ পানী বজাৰত উপলব্ধ৷ বিশেষকৈ গৰমৰ দিনত ই সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে৷ যিহেতু গৰমৰ দিনত আমাৰ অধিক পিয়াহ লাগে, সেয়েহে খালী পানী এগিলাচ গ্ৰহণ কৰাৰ পৰিৱৰ্তে আমি যদি দিনটোত এবাৰ ডাব নাৰিকলৰ পানী গ্ৰহণ কৰোঁ, ই আমাৰ শৰীৰটোক সতেজ কৰি ৰখাৰ লগতে শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী৷ডাবৰ পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে, লগতে মেটাবলিজমৰ গতি বৃদ্ধি হয়৷ ফলত কেলৰি বাৰ্ন হোৱাত সহায়ক হয়৷ডাব নাৰিকলৰ পানীয়ে প্ৰস্ৰাৱৰ সমস্যা নিৰাময় কৰে৷ ফলত কিডনীজনিত সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷প্ৰতিদিনে এগিলাচ ডাব নাৰিকলৰ পানী সেৱন কৰিলে বুকু জ্বলা-পোৰা কৰা, এচিডিটি নোহোৱা হোৱাৰ লগতে হজম শক্তি বৃদ্ধি হয়৷ডাব নাৰিকলৰ পানীত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ যিয়ে শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰাৰ লগতে ইনফ্লেমেশ্যন হোৱাটো বাধা দিয়ে৷দৈনিক ডাব নাৰিকলৰ পানী সেৱন কৰিলে ছালখন সজীৱ হৈ থকাৰ লগতে মুখৰ দাগ,ব্ৰোন, ৰিংকল আদি সমস্যা দূৰ কৰে৷ডিহাইড্ৰেশ্যনত ডাব নাৰিকলৰ পানী অতি উত্তম৷প্ৰসূতি মাতৃৰ বাবে ডাব নাৰিকলৰ পানী অতি উপকাৰী৷ডায়েবেটিছ ৰোগী, কলেষ্টৰেলৰ সমস্যা থকা ৰোগী, উচ্ছ ৰক্তচাপৰ ৰোগীসকলে ডাব নাৰিকলৰ পানী খোৱাটো অতি জৰুৰী৷ডায়েৰিয়া, টাইফয়েড, বসন্ত, ডিচেণ্ট্ৰি আদিত ডাব নাৰিকলৰ পানী খাব লাগে৷