ডলফিনৰ অস্বাভাৱিক মৃত্যু! ক’ত?

0
1268


১০০ টা ডলফিনৰ অস্বাভাৱিক মৃত্যু হোৱা ঘটনাক লৈ বৰ্তমান আফ্ৰিকান ৰাষ্ট্ৰ মুজাম্বিকত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইফালে মাপুটোৰ উত্তৰ প্ৰান্তৰ দ্বীপ বাজাৰুটো ৮৬ টা ডলফিন মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। মুঠ ১৮৬ টা ডলফিনৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ জানিবলৈ প্ৰকৃতিপ্ৰেমী সংগঠনসমূহৰ মাজতো কৌতুহল চলিছে। মুজাম্বিকৰ পৰিৱেশ মন্ত্ৰালয়ে ধাৰণা কৰা মতে দেওবাৰ আৰু মঙলবাৰে এই বৃহৎসংখ্যক ডলফিনৰ মৃত্যু হৈছে। এই ডলফিনবোৰৰ মৃত্যুৰ সঠিক কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও একাংশৰ মতে সামুদ্ৰিক ধুমুহাৰ বাবেই ডলফিনবোৰৰ মৃত্যু হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here