টোপনি কেতিয়া যাব বা সাৰ পাব নিয়ন্ত্ৰণ কৰে এইবিধ হৰমনে

0
66


সুস্বাস্থ্যৰ মূল ভিত্তি হ’ল টোপনি৷ কিন্তু বহুতেই টোপনিক লৈ বিভিন্ন ধৰণৰ সমস্যাত ভোগা দেখা যায়৷ আজিকালি কৰ্মব্যস্ত জীৱনত দিনৰ দিনটো অফিচৰ কামত একেলেথাৰিয়ে লাগি থাকি নিশা যেতিয়া বিছনালৈ যোৱা হয়, বিভিন্ন সমস্যাই মূৰত বাস লৈ মনটো অশান্ত কৰি তোলে৷ যাৰ ফলত টোপনিত ব্যাঘাত জন্মে৷ এইদৰে টোপনি খতিয়ে শৰীৰৰ বিস্তৰ ক্ষতি কৰে৷ ইয়াৰ লগতে কিছুমান বদঅভ্যাস যেনে বিছনালৈ যোৱাৰ সময়ত মোবাইল স্ক্ৰিনত ব্যস্ত থকা, মাদকদ্ৰব্য, কফি আদি সেৱন কৰাৰ ফলতো টোপনি নাহি শৰীৰৰ ক্ষতি কৰিব পাৰে৷ আন এনে বহু লোকো আছে, যিয়ে বিছনালৈ যোৱাৰ মুহূৰ্ততে টোপনিত লালকাল দিয়ে৷ আচলতে টোপনিৰ বিষয়টো নিৰ্ভৰ কৰে হৰমন তথা চাৰ্কাডিয়ান চক্ৰৰ জটিল পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত৷ যি জৈৱিক চক্ৰৰ জৰিয়তে ২৮ ঘণ্টাই দেহৰ জৈৱিক প্ৰক্ৰিয়াবোৰ নিয়ন্ত্ৰিত হয়৷ তাক বিজ্ঞানৰ ভাষাত চাৰ্কাডিয়ান চক্ৰ বোলা হয়৷ আৰু এই প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আড্ৰিনাল গ্ৰন্থিৰ দ্বাৰা নিঃসৃত কৰ্টিচেল হৰমনে৷ এই হৰমন একেবাৰে ঘড়ীৰ দৰে চলে৷ ২৪ ঘণ্টাৰ সময়খিনিত মানুহে কোন সময়ত বেছি সজাগ থাকিব, কোনখিনি সময়ত টোপনি যাব, কেতিয়া বিশ্ৰাম ল’ব অথবা কেতিয়া টোপনিৰ পৰা সাৰ পাব আদি সকলো কথাই নিয়ন্ত্ৰণ কৰে এই কৰ্টিচেল হৰমনে৷ এই হৰমনে চাৰ্কাডিয়ান চক্ৰৰ সৈতে সামঞ্জস্য ৰাখি কাম কৰে৷ যেতিয়া এই চক্ৰত ব্যাঘাত জন্মে ব ব্যাহত হয়, তেতিয়া টোপনিৰ ক্ষেত্ৰতো সমস্যাই দেখা দিয়ে৷ বিশেষজ্ঞই জনোৱা অনুসৰি সাধাৰণতে সন্ধিয়া আঠ বজাৰ পাছত এই হৰমনৰ পৰিমাণ দেহত আটাইতকৈ বেছি থাকে৷ যাৰ ফলত শৰীৰ অত্যন্ত সজাগ হৈ থাকে৷ মাজৰাতি এই হৰমনৰ পৰিমাণ সকলোতকৈ কম থাকে৷ সেয়ে মাজনিশা সকলোতকৈ বেছি টোপনি আহে৷ মাজনিশাৰ পাছত লাহে লাহে শৰীৰত কৰ্টিচেল হৰমনৰ পৰিমাণ বাঢ়িবলৈ ধৰে৷ যাৰ বাবে পুৱাৰ ভাগত টোপনি পাতল হৈ আহে৷ সেয়ে সময়মতে টোপনি নামাৰিলে এই চক্ৰত বিঘ্নিত হয়৷ আনহাতে অস্বাভাৱিক সময়ত কৰ্টিচেলৰ পৰিমাণ বাঢ়ি গ’লে টোপনিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়৷ যাৰ ফলত মানসিক চাপ, উদ্বেগ, উদ্বিগ্নতা আদি বাঢ়ি যায়৷ এইধৰণৰ সমস্যাই শৰীৰৰ ক্ষতি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here