ৰাতি টোপনিৰ সমস্যা, মানসিক দুঃচিন্তা, ষ্ট্ৰেচ আদি কমাই ৰাখিবলৈ শোৱাৰ আগতে ভৰি দুখনৰ তলুৱাত তেল মালিচ কৰাৰ অভ্যাস কৰক৷ অনেকাংশই এই সমস্যাৰ পৰা সমাধান পাব এই অভ্যাসৰ ফলত৷ সেয়ে বিছনালৈ যোৱাৰ আগতে এইদৰে তেল মালিচ কৰিলে সুফল পোৱা যায়৷ এই পদ্ধতিৰ অৱলম্বন কৰিলে শৰীৰৰ এনাৰ্জি বৃদ্ধি হয়৷ শৰীৰৰ শান্ত কৰাৰ লগতে ষ্ট্ৰেচমুক্ত হৈ থাকিব পাৰে৷ শোৱাৰ আগতে ভৰিৰ তলুৱা দুখন ভালদৰে মালিচ কৰাৰ ফলত মন শান্ত হয়, মনৰ উদ্বেগ-উদ্বিগ্নতা নোহোৱা হয়৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত এইদৰে কৰা তেল মালিচে সহায় কৰে৷ এই তেল মালিচৰ ফলত শৰীৰ প্ৰাকৃতিকভাৱে ডিটক্সিফাই হয়, যাৰ ফলত দূৰ হয় টক্সিনো৷ ভৰিৰ তেল মালিচে ভৰিৰ পতা নৰম কৰাৰ লগতে হাইড্ৰেট ৰখাত সহায় কৰে৷ আনহাতে গোৰোহা ফটা সমস্যা সমাধানৰ বাবে দৈনিক ভৰিৰ তলুৱাত তেল মালিচ কৰাৰ অভ্যাস কৰিব পাৰে৷ ভৰিৰ পেশীৰ বিষ কমোৱাৰ লগতে সাৰ্বিকভাৱে শৰীৰ সুস্থ কৰি ৰাখিবলৈ ভৰিৰ তলুৱাত তেল মালিচ কৰাৰ অভ্যাস কৰক৷