আমাৰ মস্তিষ্ক অত্যন্ত জটিল আৰু শক্তিশালী৷ মস্তিষ্কত প্ৰায় আঠ হাজাৰ ছয় কোটি নিউৰন থাকে৷ প্ৰায় পঁচিশ বছৰৰ বয়সৰ পাছত এই নিউৰনবোৰ সম্পূৰ্ণভাৱে গঠিত হয়৷ এইবোৰে ছেকেণ্ডত ২০-২৫ ৱাটলৈকে বিদ্যুত উৎপন্ন কৰিব পাৰে৷ মস্তিষ্কৰ সকলোবোৰ ৰহস্য এইপৰ্যন্ত উন্মোচন কৰিবলৈ সক্ষম হোৱা নাই বিজ্ঞানীয়ে৷ ইয়াৰ জটিল গঠন তথা কৰ্মপদ্ধতিও অদ্ভুত সেইবোৰ জনাৰ চিন্তা কৰি থকা হৈছে৷ যেনে– আমি টোপনিত লালকাল দিয়াৰ সময়ত মস্তিষ্কয়ো জিৰণি লয় নেকি? সেই সময়ত মস্তিষ্কই গোপনে কাম কৰি থাকে৷ মনত এইধৰণৰ প্ৰশ্নৰ অৱতাৰণা নি(য় হয়৷ এই সন্দৰ্ভত যুক্তৰাষ্ট˜ৰ ইউনিভাৰছিটি অব পেনছিলভেনিয়াৰ নিউৰোলজি বিভাগৰ সহযোগী অধ্যাপক ডেভিদ ৰেইজেনে জনায় যে এই পৃথিৱীৰ সকলোবোৰ প্ৰাণীৰে বিশ্ৰাম লোৱা জৰুৰী৷ সকলোৰে কাৰণে টোপনি খুব দৰকাৰী৷ আৰু যদি টোপনি সঠিকভাৱে নহয়, তেনেহ’লে মগজুৱে ঠিকভাৱে কাম কৰিব নোৱাৰে৷ ডেভিদ ৰেইজেনৰ ভাষাত– এবাৰ সঠিকভাৱে টোপনি নামাৰিলে তাৰ প্ৰভাৱ পৰে চিন্তা-ভাবনা বা উপযুক্ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ব্যাঘাত জন্মে৷অৰ্থাৎ টোপনিৰ অভাৱ হ’লে সকলোতকৈ মগজুৰ বেছি ক্ষতি হয়৷ অৰ্থাৎ মস্তিষ্কৰ সুস্থতাই হ’ল টোপনি৷ কিন্তু টোপনিৰ সময়ত মগজু কি কৰে৷ আমাৰ টোপনি দুই ধৰণৰ– ৰেম আৰু নন ৰেম৷ ৰেমৰ পূৰ্ণৰূপ ৰেপিড আই মুভমেণ্ট৷ টোপনি মাৰিবলৈ যোৱাৰ সময়তে আমাৰ লগে লগে টোপনি নাহে, এলপ সময়ৰ প্ৰয়োজন হয়৷ তাৰ পাছত মস্তিষ্কৰ তৰংগ ধীৰ হৈ আহে, পেশী শিথিল হয়, শ্বাস-প্ৰশ্বাসৰ গতি কমি যায়৷ লাহে লাহে টোপনি আহে৷ এই টোপনি নন ৰেম পৰ্যায়ৰ৷ কিন্তু ইয়াতেই শেষ নহয়৷ টোপনি গভীৰ হোৱালৈ একপৰ্যায়ত মস্তিষ্ক জাগি থাকে৷ এইটো টোপনিৰ ৰেম পৰ্যায়৷ অৰ্থাৎ যেতিয়া গভীৰ টোপনি ডুবি থকা হয়, তেতিয়া মস্তিষ্ক ৰেম পৰ্যায়ত প্ৰৱেশ কৰে৷ ৰেম টোপনি পৰ্যায়ত আমাৰ মস্তিষ্কৰ থেলামাছ অংশতৰ পৰা ভাহি আহে বিভিন্ন ৰকমৰ ছবি, শব্দ আৰু অনুভূতি৷ পাছত এইবোৰে সপোনৰ ৰূপ লয়৷ আনহাতে এছিটাইলকোলিন নামৰ একধৰণৰ ৰাসায়নিক পদাৰ্থ আছে, যি জাগি থকাৰ সময়ত এই ৰাসায়নিকক সক্ৰিয় দেখা যায়৷ গৱেষণাৰ পৰা দেখা গৈছে যে মস্তিষ্কৰ মনত ৰখা বা শিকা কামত এছিটাইলকোলিনে সহায় কৰে৷ অৰ্থাৎ মানুহ এজনৰ টোপনিৰ সময়ত মস্তিষ্কই জিৰণি নহয়৷