জিন থেৰাপীৰ জৰিয়তে শ্ৰৱণশক্তি ঘূৰাই পোৱাৰ কৌশল আৱিষ্কাৰ

0
3

জিন ছেৰাপীৰ জৰিয়তে কেইসপ্তাহমান আগতে শ্ৰৱণশক্তি ঘূৰাই পোৱাৰ কৌশল আৱিষ্কাৰ কৰিছে ছুইজেনৰ কেৰোলিনষ্কা ইনষ্টিটিউটৰ এদল বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে দাবী কৰিছে যে জিন থেৰাপীৰ এক ডোজ ঔষধৰ দ্বাৰা মানুহৰ দুৰ্বল শ্ৰৱণশক্তি ভাল কৰিব পাৰি৷ এই অত্যাধুনিক থেৰাপী জন্মগত বধিৰতা বা দুৰ্বল শ্ৰৱণশক্তিৰ শিশু আৰু প্ৰাপ্তবয়স্কৰ শ্ৰৱণশক্তি উন্নত কৰিব৷ এটা ক্লিনিকেল ট্ৰায়েলত সাত বছৰ বয়সীয়া এটি শিশু প্ৰায় সম্পূৰ্ণ শ্ৰৱণশক্তি ঘূৰাই পাইছে৷ নেচাৰ মেডিকেলৰ সাময়িকীত এই বিষয়ে এক গৱেষণা পত্ৰ প্ৰকাশিত হৈছে৷ বিজ্ঞানীৰ তথ্য মতে, অ’ টি অ’ এফ জিনৰ মিউটেশ্যনৰ কাৰণে প্ৰ’টিন ওটোফাৰলিনৰ নাটনিত প্ৰস্তুত হয়৷ তেতিয়া কাণৰ পৰা মস্তিষ্কই শব্দৰ সংকেত সঠিকভাৱে পঠাব নোৱৰাৰ বাবে বধিৰতাৰ সৃষ্টি হয় বহুতৰে৷ গৱেষণাত দহজন দুৰ্বল শ্ৰৱণশক্তিৰ ব্যক্তিৰ কাণত ইনজেকশ্যনৰ জৰিয়তে অ’ টি অ’ এফ নামৰ জিনৰ কপি প্ৰৱেশ কৰাৰ পাছত তেওঁলোকৰ শ্ৰৱণশক্তি দ্ৰুতভাৱে উন্নত হয়৷ এইপৰ্যন্ত এই থেৰাপী শিশুসকলৰ ক্ষেত্ৰত সকলোতকৈ ভাল ফল দেখুৱাইছে৷ বিজ্ঞানীয়ে জনোৱা মতে থেৰাপীৰ ছমাহৰ পাছত দুশজন দুৰ্বল শ্ৰৱণশক্তিৰ ব্যক্তিৰ শ্ৰৱণশক্তিৰ গড়ে ১০৬ ডেচিবলৰ পৰা ৫২ ডেচিবল উন্নত হয়৷ গৱেষণাত পাঁচৰ পৰা আঠ বছৰ বয়সীয়াসকল বেছিকৈ উপকৃত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here