জলবায়ুৰ পৰিৱৰ্তনে ভাৰতৰ অৰ্থনীতিত কেনেধৰণৰ ক্ষতি কৰিব ? How will climate change affect India’s economy?

0
725
ইটালিৰ Euro-Mediterranean Center on Climate Change আৰু Intergovernmental Panel on Climate Change-ৰ নেশ্যনেল ফোডেল পইণ্টে প্ৰকাশ কৰা এখন নতুন প্ৰতিবেদনত কোৱা হৈছে যে প্ৰদূষণ হ্ৰাসৰ বাবে জৰুৰী ব্যৱস্থা নল’লে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱে জি ২০-ৰ দেশসমূহ তচ্‌নচ্‌ কৰি পেলাব আৰু বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ দেশসমূহৰ গুৰুতৰ ক্ষতি কৰিব৷ এনেধৰণৰ প্ৰথমটো অধ্যয়নৰ নাম দিয়া হৈছে ‘G20 Climate Impacts Atlas’ ৷ ইয়াত বৈজ্ঞানিক বিশ্লেষণ আগবঢ়োৱা হৈছে আৰু কোৱা হৈছে যে বৰ্ধিত উষ্ণতা আৰু প্ৰবল গ্ৰীষ্ম প্ৰবাহে প্ৰবল খৰাঙৰ সৃষ্টি কৰিব পাৰে৷ তাৰ ফলত কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ নাটনি হ’ব৷ মানুহৰ মৃত্যু ঘটিব আৰু প্ৰাণঘাতী বনজুই সম্ভাৱনা বাঢ়িব৷ প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতত চাউল আৰু ঘেঁহুৰ উৎপাদন কমি যাব আৰু ২০৫০ চনৰ ভিতৰত ৮১ বিলিয়ন ইউৰ’ পৰ্যন্ত অৰ্থনৈতিক ক্ষতি হ’ব আৰু কৃষকসকলৰ আয় ১৫ শতাংশ লোকচান হ’ব৷ ২০৩৬–২০৬৫ চনৰ ভিতৰত ভাৰতত গ্ৰীষ্ম প্ৰবাহ ২৫ গুণ বেছি দীঘলীয়া হ’ব–যদি নিৰ্গমণ বেছি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here