Beauty PlusDaily newsFitness PlusHealth NaturallyHealth Talksজন্ম নিয়ন্ত্ৰণ পিল খাবলৈ এৰি দিলে শৰীৰৰ এইবোৰ পৰিৱৰ্তন হ’ব পাৰেBy Health Plus - October 6, 2025016Facebook Twitter Pinterest WhatsApp সন্তান ধাৰণ আৰু নাৰীদেহৰ অন্যান্য বৈশিষ্ট্য সকলোবোৰ হৰমনৰ সৈতে সম্পৰ্কিত৷ জন্ম নিয়ন্ত্ৰণ পিলত থাকে ইষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰন হৰমন৷ সেয়ে বুজিব পাৰি যে জন্ম নিয়ন্ত্ৰণ পিল আচলতে কোনোধৰণৰ ঔষধ নহয়৷ এই পিল গ্ৰহণৰ বাবে বেছ কিছু পাশ্বৰ্ক্ৰিয়া দেখা দিব পাৰে৷ কেৱল জন্ম নিয়ন্ত্ৰণৰ বাবেই নহয়, কিছু ৰোগৰ উপসৰ্গ প্ৰশমন কৰিবলৈ এইবোৰ পিল ব্যৱহাৰ কৰা হয়৷ বহুতৰে প্ৰশ্ন– হঠাৎ এই পিল খোৱা বন্ধ কৰি দিলে দেহত কোনো বিশেষ পৰিৱৰ্তন হ’ব পাৰে নেকি?পিল এৰি দিয়াৰ ফলত মাহেকীয়াৰ স্বাভাৱিক চক্ৰৰ কিছু পৰিৱৰ্তন ঘটিব পাৰে৷ সেয়ে মাহেকীয়া অনিয়মীয়া হ’ব পাৰে৷ অথবা মাহেকীয়াৰ সময়ত অতিৰিক্ত ৰক্তক্ষৰণ বা তলপেটৰ বিষ অনুভৱ কৰিব পাৰে৷মনৰ ওপৰত হৰমনৰ বিস্তৰ প্ৰভাৱ থাকে৷ জন্ম নিয়ন্ত্ৰণ পিল খাবলৈ এৰি দিয়াৰ পাছত মেজাজৰ ধৰণ কিছু সলনি হ’ব পাৰে৷ বিশেষকৈ মাহেকীয়া আৰম্ভ হোৱাৰ আগেয়ে মনৰ দুশ্চিন্তা, অৱসন্নতা বা বিৰক্তি অনুভূত হ’ব পাৰে৷জন্ম নিয়ন্ত্ৰণৰ কাৰণে ব্যৱহূত পিল শৰীৰৰ ওজন বৃদ্ধিৰ বাবে দায়ী৷ এই পিল খাবলৈ এৰি দিয়াৰ ফলত ওজন স্বাভাৱিকতকৈ কিছু কমি যাব পাৰে৷ সেয়ে খুব বেছি ওজন কমি গ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন৷হৰমনৰ আধিক্যৰ বাবে কাৰো ক্ষেত্ৰত মূৰৰ বিষ হয়৷ কোনোবাৰ আকৌ হৰমনৰ অভাৱ হ’লে মূৰৰ বিষ হয়৷ সেয়ে পিল খাবলৈ আৰম্ভ কৰাৰ পাছত পাশ্বৰ্ক্ৰিয়া হিচাপে যিসকলৰ মূৰৰ বিষ হয়, পিল এৰি দিয়াৰ পাছত তেওঁলোকৰ মূৰৰ বিষত কমকৈ ভোগে৷ আনহাতে পিল আৰম্ভ কৰাৰ পাছত যিসকলৰ মূৰৰ বিষ কমে, তেওঁলোকে এৰি দিলে মূৰৰ বিষ বেছিকৈ অনুভৱ হয়৷