আলুক চবজিৰ ৰজা বুলি জনা যায়৷ কথাতে আছে বোলে যিকোনো খাদ্য প্ৰস্তুত প্ৰণালীত আলু নহ’লে সকলো মিছা৷ আচলতে সকলো ব্যঞ্জনতে আলু খাটে৷ ইয়াৰ অসাধাৰণ সোৱাদৰ বাবে বুঢ়াৰ পৰা সৰু ল’ৰা-ছোৱালীলৈকে আলু সকলোৰে প্ৰিয়৷ ভাতৰ লগত অকল আলু ভাজি, আলুৰ পিটিকা আদিৰে উদৰ পূৰাই খাব পাৰি৷ আলুত পটাচিয়াম, ফচফৰাছ, আইৰন, কেলচিয়াম আদি উপাদান পোৱা যায়৷ আলু আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ মলত্যাগ সমস্যা বা কোষ্ঠকাঠিন্যৰ পৰা নিৰাময়ৰ বাবে আলু সেৱন কৰিলে যথেষ্ট সুফল পোৱা যায়৷ অকল যে খাদ্য হিচাপেই আলু ব্যৱহাৰ হয় তেনে নহয়৷ ছাল আৰু চুলিৰ যতনৰ বাবে আলু অতি আৱশ্যকীয় সামগ্ৰীৰ ভিৰতৰ এবিধ৷ আলুৰ ৰসে শৰীৰত উচ্ছ ইউৰিক এচিড কমোৱাত সহায় কৰে৷ শৰীৰত ইউৰিক এচিড বাঢ়িলে বাইটৰ সমস্যাই দেখা দিয়ে৷ ইয়াৰ পৰা উপশম পাবলৈ আলুৰ ৰস খোৱা উচিত৷ আনহাতে মুখত পৰা ক’লা দাগ নিৰ্মূলৰ বাবে আলুৰ ৰস ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে আলুৰ ৰস মুখৰ ক’লা দাগ পৰা অংশত লগালে সুফল পোৱা যায়৷ চকুৰ কাষত পৰা ডাৰ্ক চাৰ্কলত আলুৰ ৰস লগাই ১০-২০ মিনিটমান পাছত পৰিষ্কাৰ পানীৰে ধুই পেলাওক৷ এইদৰে এসপ্তাহ কৰিলে ডাৰ্ক চাৰ্কলৰ সমস্যাৰ পৰা নিৰাময় পাব৷ আনহাতে আলুৰ ৰস উলিয়াই তাত এচামুচ মৌ মিহলাই ল’ব৷ এই মিশ্ৰণটো কণীৰ হালধীয়া অংশ মিহলাই ভালদৰে মিশ্ৰণ প্ৰস্তুত কৰি লওক৷ এই মিশ্ৰণটো ভালদৰে চুলিত সানি কিছু সময় পাছত ঘুই পেলাওক৷ এইদৰে কৰাৰ ফলত চুলিৰ ঘনত্ব বৃদ্ধি পোৱাৰ লগতে চুলিৰ উজ্জ্বলতা ঘূৰি আহে৷ ইয়াৰ বাবে কেইটামান আলু লৈ ভালদৰে ধুই ল’ব৷ বাকলিবোৰ গুচাই লৈ ভালদৰে ধোৱক৷ তাৰ পাছত আলুখিনি টুকুৰাকৈ কাটি তাৰ পৰা ৰস উলিয়াই এটা পাত্ৰত সংৰক্ষণ কৰি ৰাখক৷