ছালৰ যতনত নাৰিকলৰ তেল কিদৰে ব্যৱহাৰ কৰিব

0
3

চুলিৰ যত্নত নাৰিকল তেলৰ ব্যৱহাৰৰ কথা সকলোৱে জানে৷ ছালৰ টতনৰ ক্ষেত্ৰতো এই তেল হ’ব পাৰে আপোনাৰ ভৰসাৰ একমাত্ৰ মাধ্যম৷ ফেটি এচিড, এণ্টিঅক্সিডেণ্ট আৰু ভিটামিনেৰে সমৃদ্ধ নাৰিকল তেলে প্ৰাকৃতিকভাৱে ছালখন মসৃণ, উজ্জ্বল আৰু প্ৰাণৱন্ত কৰি তোলে৷ সৌন্দৰ্যচৰ্চা বিশেষজ্ঞই কৈছে যে নাৰিকল তেলে অকল বাহিৰৰ আদ্ৰৰ্তাই ধৰি নাৰাখে, বৰং ছালৰ গভীৰলৈ গৈ কাম কৰে ভিতৰৰ পৰা৷ নাৰিকল তেল নিয়মিতভাৱে ব্যৱহাৰ কৰিলে ছালৰ ৰুক্ষতা, ছালৰ দাগ আনকি বয়সৰ চাপো কমাই ৰাখে৷ ছালৰ যিকোনো দাগ, ছাল ৰঙা পৰা, পুৰণি ব্ৰনৰ দাগ, ৰ’দে পোৰা দাগ, অলপকৈ ফুলি উঠা আদি থাকিলে নাৰিকল তেল হ’ব পাৰে ইয়াৰ সমাধান৷ ইয়াত থকা ভিটামিন-ই আৰু প্ৰদাহ বিৰোধী উপাদানে ছালৰ ক্ষত নিৰাময় কৰে৷ নিয়মিত ব্যৱহাৰ কৰাৰ ফলত ছাল হৈ উঠে পৰিষ্কাৰ আৰু সমান টোনৰ৷
বয়সৰ চাপ কমায়, নাৰিকল তেলৰ এণ্টি এজিং গুণে ছালখনত সহজে বয়সৰ চাপ পৰিবলৈ নিদিয়ে৷ ইয়াত থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টিবেক্টেৰিয়াল উপাদানে ছালৰ কোষ সজীৱ কৰি ৰাখে৷ চিয়া বাটাৰৰ সৈতে নাৰিকল তেল মিহলাই দ্বিগুণ সুফল পোৱা যায়৷ এই মিশ্ৰণটো ব্যৱহাৰ কৰিলে ছালৰ পুষ্টি বহুগুণে বাঢ়ে৷ চিয়া বাটাৰত থাকে ফেটি এচিড আৰু ভিটামিন-এ ভিটামিন-ই, যিয়ে ছালখনৰ প্ৰাকৃতিক আদ্ৰৰ্তা বজাই ৰখাত সহায় কৰে৷ ছালখনত ব্যৱহাৰ কৰিবৰ বাবে খাটি আৰু প্ৰাকৃতিক নাৰিকল তেল বাছি লোৱা উচিত৷ ইয়াত যাতে কেমিকেল আৰু কৃত্ৰিম সুগন্ধি নাথাকে সেয়া নিশ্চিত কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here