চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত আই চি ইউ আৰু ছেমি আই চি ইউ স্থাপন

0
683
গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চৌহদত বিগত বৰ্ষত স্থাপন কৰা ১২০খন বিছনাযুক্ত কভিড চিকিৎসালয়খনত কভিড ৰোগীৰ বাবে ১৪টা আই চি ইউ আৰু ৩৭টা ছেমি আই চি ইউ নিৰ্মাণ কৰি থকা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ¸ উদ্যোগত বিগত বৰ্ষত লোকনিৰ্মাণ বিভাগে কভিড ৰোগীৰ বাবে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু ইতিমধ্যে প্ৰায় ৮০ শতাংশ নিৰ্মাণ সম্পূৰ্ণ হৈছে৷ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই যোৱা ৫ জুনত এক পৰ্যালোচনা বৈঠকত বাকী থকা কামখিনি শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ বিপুল নাথে বিধায়কগৰাকীয়ে নিৰ্মাণ কৰি থকা আই চি ইউ আৰু ছেমি আই চি ইউসমূহত ৮০টা জাম্বু অক্সিজেন চিলিণ্ডাৰ সংযোজনৰ যাৱতীয় কাম শীঘ্ৰে সম্পন্ন কৰাৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দায়িত্ববাহী বিষয়াক আহ্বান জনায়৷ প্ৰয়োজনত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক বিষয়টো অৱগত কৰি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিধায়ক কলিতাই সদৰী কৰে৷ পৰ্যালোচনা বৈঠকত চিকিৎসালয়ৰ দায়িত্ববাহী বিষয়াদ্বয় ডাঃ ভাস্কৰ ঠাকুৰীয়া আৰু ডাঃ আব্দুছ ছাত্তাৰ উপস্থিত থাকে৷ বৈঠকৰ শেষত বিধায়কগৰাকীয়ে চিকিৎসালয় চৌহদ পৰিদৰ্শন কৰি উপস্থিত চিকিৎসক, চিকিৎসা কৰ্মী আৰু নাৰ্ছসকলৰ সৈতে মত বিনিময় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here