চুলি সৰা বন্ধৰ এইবোৰ ঘৰুৱা উপায়

0
52

যেতিয়াই আমাৰ চুলিৰ সমস্যাই দেখা দিয়ে বা আমি চুলিৰ যতনৰ কথা চিন্তা কৰোঁ, তেতিয়াই আমি বিভিন্ন ধৰণৰ ছেম্পু, কণ্ডিশ্যনাৰ বা বিভিন্ন ধৰণৰ ঘৰুৱা উপায় অৱলম্বন কৰোঁ৷ আমি সকলোৱে পাহৰি যাওঁ যে চুলিৰ যতনত খাদ্যও এটা গুৰুত্বপূৰ্ণ অংশ৷ আয়ুৰ্বেদিক চিকিৎসক ডাঃ নীতিকা কোহলীৰ মতে সুষম আহাৰ বিশেষকৈ উদ্ভিজ খাদ্যসমূহ আমাৰ ছাল-চুলিৰ বাবে যথেষ্ট উপকাৰী৷ আমি আমাৰ খাদ্য তালিকাত প্ৰ’টিন, ভিটামিন জাতীয় খাদ্যসমূহ অন্তভুৰ্ক্ত কৰিলে নি(য় চুলিৰ বিভিন্ন সমস্যা, চুলি সৰা আদিৰ পৰা ৰেহাই পাব পাৰিম৷ ডাঃ নীতিকা কোহলীৰ মতে নিম্নলিখিত খাদ্যসমূহে আমাৰ চুলি সৰা প্ৰতিৰোধ কৰিব পাৰে৷
আমলখিৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়, যিয়ে কলাজেন উৎপন্ন কৰি চুলি মজবুত কৰে৷
নৰসিংহৰ পাতত এণ্টিঅক্সিডেণ্ট আৰু তেজ পৰিষ্কাৰ কৰিব পৰা প্ৰয়োজনীয় উপাদান থাকে৷ যিয়ে মস্তিষ্কলৈ অক্সিজেনৰ চলাচল সুচল কৰি নতুন চুলি গ্ৰন্থি গজাত সহায় কৰে৷ ফলত চুলি সৰা নিয়ন্ত্ৰণ হয়৷
প্ৰচুৰ পৰিমাণৰ বিটা কেৰ’টিনযুক্ত মিঠা আলুৱে নতুন চুলি গজা আৰু চুলি সৰা নিয়ন্ত্ৰণ কৰে৷
চুলিৰ কোষসমূহ গঠন আৰু মজবুত কৰাত প্ৰ’টিন, ফলিক এচিড আৰু জিংকৰ অৱদান উল্লেখনীয়৷ এই উপাদানসমূহে চুলি গ্ৰন্থিসমূহক নাৰিচ কৰাত সহায় কৰে৷ ইয়াৰ বাবে খাওক বিন, মটৰ, ৰাজমাহ, লুবিয়া আদি মাহজাতীয় খাদ্যবোৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here