চিয়া চিড বিভিন্ন ফালৰ পৰা স্বাস্থ্যকৰ৷ কাৰণ সৰু সৰু বগা-ক’লা এই বীজত আছে পৰ্যাপ্ত পৰিমাণে ফাইবাৰ আৰু ওমেগা থ্ৰি ফেটি এচিড৷ ইয়াৰ উপৰি বিভিন্ন ধৰণৰ এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ এই বীজ৷ সেয়ে পুষ্টিবিদৰ পৰামৰ্শ অনুসৰি বহুতেই পুৱা খালী পেটত পানী তিওৱা চিয়া চিড গ্ৰহণ কৰে৷ আনহাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে বহুতেই পুৱা খালী পেটত গৰম পানীত নেমুৰ ৰস মিহলাই সেৱন কৰে৷ সেয়ে চিয়া বীজৰ পানী আৰু নেমুৰ ৰসৰ মাজত কোনবিধ বেছি স্বাস্থ্য উপকাৰী? চিয়া বীজ পানীত তিয়াই ৰখাৰ ফলত পানীৰ ঘনত্ব বৃদ্ধি পায়৷ চিয়া বীজত ওমেগা ফ্ৰি ফেটি এচিডৰ উপৰি আলফা-লিনোলেনিক এচিড থাকে৷ ৰক্তচাপ আৰু শৰীৰৰ কোনো প্ৰদাহ কমাবলৈ এই দুই উপাদান বিশেষভাৱে কাৰ্যকৰী৷ চিয়া বীজত ফাইবাৰৰ পৰিমাণ বেছি থকাৰ কাৰণে নিয়মিতভাৱে খালে কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দূৰ হয়৷ এশ গ্ৰাম চিয়া চিডৰ মাজত প্ৰায় 16.5 গ্ৰাম প্ৰ’টিন থাকে৷ সেয়ে কম পৰিমাণে চিয়া চিড খালেই পেট ভৰ্তি কৰি ৰখাত সহায় কৰে৷ চিয়া চিডত থকা এণ্টিঅক্সিডেণ্টে বয়স বৃদ্ধি ৰোধ অৰ্থাৎ এজিং প্ৰতিৰোধ কৰাত সহায় কৰে৷ আনহাতে নেমুৰ ৰসত ভিটামিন-চিৰ পৰিমাণ বেছি থাকে৷ সেয়ে নেমুৰ ৰস মিহলি পানী সেৱন কৰিলে পৌষ্টিকতন্ত্ৰৰ স্বাস্থ্য ভালে থাকে৷ নেমুত ফাইবাৰ আৰু এচিড বেছি থাকে বাবে মেদ বা চৰ্বি কমোৱাত সহায় কৰে৷ নেমুৰ ৰসত পটাচিয়াম যথেষ্ট পৰিমাণে পোৱা যায়৷ যাৰ ফলত নেমুূৰ ৰস মিহলি পানী সেৱন কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ যাৰ কাৰেঁ হাৰ্টৰ স্বাস্থ্য বজাই ৰখাত সহায়ক হয়৷ নেমুত থকা চাইি্ট্ৰক এচিডে কিডনীৰ পাথৰ সৃষ্টি হোৱাৰ বাধা দিয়ে৷ নেমুৰ ৰস দাঁত আৰু দাঁতৰ মাজা পৰিষ্কাৰ কৰি মুখৰ অভ্যন্তৰীণ স্বাস্থ্য ৰক্ষা কৰে৷ বিশেষকৈ মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ ক্ষেত্ৰত নেমুৰ ৰস উত্তম৷ অৱশ্যে নেমুৰ ৰস আৰু চিয়া চিড মিহলোৱা পানী দুয়োটাৰ কিছুমান সুবিধা আৰু অসুবিধা আছে৷ যেনে– চিয়া চিড কাৰোৰ ক্ষেত্ৰত পেট ফুলাৰ সমস্যা সৃষ্টি কৰিব পাৰে৷ আনহাতে নেমুৰ ৰস বেছি পৰিমাণে সেৱন কৰাৰ ফলত দাঁতৰ এনামেলৰ ক্ষতি কৰিব পাৰে৷ চিয়া বীজ মিহলোৱা পানী উচ্ছ ফাইবাৰজাত ডায়েটৰ অংশ হ’ব পাৰে৷ আনহাতে গৰমৰ দিনত নেমুৰ ৰসে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ চিয়া আৰু নেমুৰ ৰসত মাজত উভয়েই উপকাৰী৷ ব্যক্তিবিশেষ কিধৰণে ডায়েট কৰিব বিচাৰে, তাৰ ওপৰত নিৰ্ভৰ কৰে এই দুবিধ নিৰ্ণয়ৰ সুবিধা৷