চকুৰ এইবোৰ সমস্যাৰ সমাধানৰ ঘৰুৱা উপায়

0
2

মুখমণ্ডলৰ সৌন্দৰ্যৰ মূলতে হৈছে আমাৰ চকুযুৰি৷ এই চকুযুৰিৰ জৰিয়তে আমি প্ৰকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ৷ কিন্তু এই চকুযুৰিৰ যদি অসুবিধা হয়, তেন্তে গোটেই পৃথিৱী দিনতে এন্ধাৰৰ লেখীয়া হয়৷ সেয়েহে আমি আমাৰ চকুযুৰিৰ কিবা সমস্যা হ’লে তাক উলাই নকৰি বিশেষ যতন লোৱা উচিত৷
চকুত জাল পৰা সমস্যা হ’লে চকুৰ কোণত গোল নেমুৰ ৰস দুটোপালমান দিলে সুফল পোৱা যায়৷
চকুৰ পতাৰ চাৰিওফালে খজুৱতি হ’লে নাৰিকল তেল কপাহত লগাই চকুৰ পতাত লগোৱা উচিত৷
চকুত দুখ পালে বা ঘা লাগিলে কেঁচা হালধি খুন্দি লৈ পৰিষ্কাৰ কাপোৰত বান্ধি অলপ জুইত গৰম কৰি চকুত তাৰ সেক দিব লাগে৷
চকুত আচিনা হ’লে কণাশিমলু বনৰ ঠাৰিৰ আঠা লগালে সুফল পোৱা যায়৷
চকুৰ পৰা পানী ওলোৱা সমস্যাত আমলখিৰ ৰসেৰে চকু ধুলে আৰাম পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here