গৱেষণা : প্লাষ্টিকজাত দ্ৰব্যই স্তন কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰে

0
207

দ্য আমেৰিকান কেমিকেল ছ’চাইটিৰ এক গৱেষণা পত্ৰত কোৱা হৈছে যে খাদ্যপণ্য আৰু নিত্য ব্যৱহাৰ্য বিভিন্ন সামগ্ৰীত প্লাষ্টিকৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণা বা মাইক্ৰ’প্লাষ্টিকৰ অৱস্থিতি পোৱা গৈছে, যিবোৰে প্ৰতিমুহূৰ্ততে আমাৰ শৰীৰলৈ প্ৰৱেশ ঘটিছে৷ প্লাষ্টিক বা প্লাষ্টিকজাত দ্ৰব্যৰ পৰা স্তন কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি পায়৷ প্লাষ্টিকত এনে চাৰিশবিধ ৰায়ায়নিকৰ উপস্থি্‌তি ধৰা পৰিছে, যিবোৰ মানৱ শৰীৰৰ কাৰণে মাৰাত্মক বিপদৰ কাৰণ হিচাপে বিবেচিত হৈছে৷ এই দাবী কৰিছে গৱেষকে৷ দ্য আমেৰিকান কেমিকেল ছ’চাইটিৰ জনাইছে যে এইধৰণৰ প্লাষ্টিকজাত দ্ৰব্যই কৰ্কট ৰোগৰ আশংকা বহুগুণে বৃদ্ধি কৰে৷ প্লাষ্টিকৰ দ্ৰব্য প্ৰস্তুত কৰাত বিপিএ বা বিছফেনল-এ ৰাসায়নিকবিধ ব্যৱহাৰ কৰা হয়৷ এই ৰাসায়নিকবিধ খুব সহজে নষ্ট নহয় অথবা মাটিৰ সৈতে মিহলি নহয়৷ সেয়ে ই সেইধৰণে ৰৈ যায়৷ ক্ষুদ্ৰ আকাৰত খাদ্য সৈতে মিহলি হৈ মানৱ শৰীৰত প্ৰৱেশ কৰে আৰু বিভিন্ন মাৰাত্মক ৰোগৰ সম্ভাৱনা বঢ়াই দিয়ে৷ গৱেষকৰ মতে প্ৰায় ১৬ হাজাৰ ৰাসায়নিক থাকে প্লাষ্টিকত৷ এইবোৰৰ ভিতৰত পিএফএএছ, পেৰাবেনছ, এৰোমাটিক এমাইনৰ দৰে অন্তত চাৰিশ প্ৰকাৰৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক দ্ৰব্য মিহলি হৈ থাকে৷ এইবোৰ ৰায়াসনিক দৈনন্দিন ব্যৱহাৰ্য খাদ্যদ্ৰব্যত মিহলি হৈ শৰীৰত প্ৰৱেশ কৰাৰ ফলত শৰীৰৰ মাৰাক্ম ক্ষতি হয়৷ গৱেষকে জনোৱা অনুসৰি বজাৰৰ পৰা যিসমূহ চেনি বা নিমখ কিনা হয়, তাত অসংখ্য মাইক্ৰ’প্লাষ্টিক মিহলি হৈ থাকে৷ ইয়াৰ উপৰি অফিচ, কাছাৰী, মেলে-মিটিঙে ব্যৱহাৰ কৰা প্লাষ্টিকৰ বটলৰ পানীত মাইক্ৰ’প্লাষ্টিকৰ কণা মিহলি হৈ থাকে৷ সাম্প্ৰতিক গৱেষণাত কোৱা হৈছে যে এই মাইক্ৰ’প্লাষ্টিকৰ উপৰিও সূক্ষ্ম নেনোপ্লাষ্টিকৰ উপস্থিতিও ধৰা পৰিছে এইধৰণৰ নিত্য ব্যৱহাৰ্য খাদ্য দ্ৰব্যত৷ প্লাষ্টিকৰ বটলত থকা ক্ষুদ্ৰ প্লাষ্টিকৰ কণাবোৰ শৰীৰত প্ৰৱেশ কৰি তেজৰ সৈতে মিহলি হৈ যায়৷ যি প্ৰক্ৰিয়াই শৰীৰৰ কাৰণে বিপজ্জনক হৈ পৰে আৰু স্তন কেঞ্চাৰকে ধৰি বিভিন্ন জটিল সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here