কৰ্ণাটকত কৰ’নাৰ নতুন ভেৰিয়েণ্ট Eta

0
247
কৰ্ণাটকৰ মেংগালুৰুত ৫ আগষ্টত কৰ’না ভাইৰাছৰ ইটা (Eta) ভেৰিয়েণ্ট পোৱা গৈছে৷ জানিব পৰা মতে, ডুবাইৰ পৰা অহা এজন ব্যক্তিৰ শৰীৰত এই ভেৰিয়েণ্ট পোৱা গৈছে৷ ইয়াৰ আগতে ২০২০ চনৰ এপ্ৰিল মাহতো নিমহান্‌ছ ভাইৰ’লজী লেব’ৰেটৰীয়ে ইটা (Eta) ভেৰিয়েণ্টৰ দুটা ঘটনা পোৱাৰ দাবী জনাইছিল৷ বিশ্ব স্বাস্থ্য সংস্থাই এই ভেৰিয়েণ্টক ‘ভেৰিয়েণ্ট অব্‌ ইণ্টাৰেষ্ট’ বুলি অভিহিত কৰিছে৷ এতিয়ালৈকে ভাৰতত আছে Alpha আৰু Delta ভেৰিয়েণ্ট৷ কভিডৰ দ্বিতীয় ঢৌৰ বাবে Delta ভেৰিয়েণ্টেই দায়ী বুলি কোৱা হৈছে৷ তাৰ মাজতে এই নতুন ভেৰিয়েণ্টে প্ৰশ্নৰ সৃষ্টি কৰিছে এই ভেৰিয়েণ্ট কিমান বিপজ্জনক৷ দেশৰ নামী ভেক্‌চিন বিজ্ঞানী আৰু Valor Christian Medical Collegeৰ অধ্যাপক গগনদীপ কংগৰ মতে, ভাইৰাছৰ মিউটেশ্যন নতুন কথা নহয়৷ মিউটেশ্যনৰ পৰা নতুন ভেৰিয়েণ্টৰ জন্ম হয়৷ আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই ভেৰিয়েণ্ট এতিয়ালৈকে বিপজ্জনক বুলি চিহ্নিত হোৱা নাই বাবে ইয়াক ‘Variant of concern’ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here