কোন সময়ত ঠাণ্ডা গাখীৰ খালে উপকাৰ বেছিকৈ পাব

0
6

সুস্বাস্থ্যৰ বাবে গাখীৰ অতি পুষ্টিকৰ খাদ্য৷ নিয়মিতভাৱে গাখীৰ সেৱনৰ ফলত শৰীৰ সুস্থ থকাৰ লগতে দেহৰ ৰোগ প্ৰতিৰোধত সহায় কৰে৷ প্ৰ’টিনৰ অন্যতম উৎস গাখীৰে আমাৰ ভালেমান উপকাৰ সাধন কৰে৷ বিশেষকৈ সৰু ল’ৰা-ছোৱালীক সৰুৰে পৰা গাখীৰ খোৱাৰ অভ্যাস কৰাটো অতি জৰুৰী৷ ৰাতি টোপনি মৰাৰ আগতে ঠাণ্ডা গাখীৰ একাপ সেৱন কৰিলে টোপনি ভাল অহাত সহায় কৰে৷ কেফেইন তথা অন্যান্য চেনিযুক্ত মিঠা পানীয়ৰ বিকল্প হ’ব পাৰে৷ গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়, গাখীৰ ভিটামিন-ডি সমৃদ্ধ হোৱা বাবে হাড়ৰ স্বাস্থ্যৰ কাৰণে বিশেষভাৱে উপকাৰী৷ গাখীৰত থকা প্ৰ’টিনে হজমশক্তি উন্নত কৰাৰ লগতে বদহজমৰ আশংকা নোহোৱা কৰে৷ টোপনিৰ আগতে ঠাণ্ডা গাখীৰ সেৱন কৰাৰ ফলত টোপনি ভাৱ হোৱাৰ লগতে উদ্বেগ-উদ্বিগ্নতা, মানসিক চিন্তা কমি থাকে৷ নিয়মিতভাৱে খাদ্য খোৱাৰ পাছত ঠাণ্ডা গাখীৰ সেৱন কৰিলে হাড় মজবুত হয়, আনকি অষ্টিঅ’পৰোছিছৰ দৰে ৰোগৰ আশংকা কমি থাকে৷ শৰীৰৰ ঠাণ্ডা লাগি থকাৰ প্ৰৱণতাৰ পৰা গাখীৰ সেৱনে মুক্তি দিব পাৰে৷ অৱশ্যে এই ক্ষেত্ৰত গৰম গাখীৰৰ সৈতে সামান্য পৰিমাণে জালুক আৰু হালধিৰ গুৰি মিহলাই সেৱন কৰিলে সুফল পাব পাৰে৷ গাখীৰত প্ৰ’টিন আৰু শৰীৰৰ প্ৰয়োজনীয় ফেট থাকে৷ যাৰ ফলত শোৱাৰ আগতে গাখীৰ খালে পেট ভৰ্তি হৈ থাকে৷ ৰাতি ঠাণ্ডা গাখীৰ সেৱন কৰিলে এচিডিটিৰ সম্ভাৱনা কমি থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here