কোন সময়ত খোজ কাঢ়িলে ওজন সহজে কমে

0
28

খোজকঢ়াৰ অভ্যাস স্বাস্থ্যৰ পক্ষে উপকাৰী৷ প্ৰায়ভাগ লোকেই পুৱা বা গধূলি যিকোনো এটা সময়ত খোজ কঢ়াটো অভ্যাস কৰি লয়৷ আজিকালি ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ সমস্যা, শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যা কলেষ্টৰেলৰ সমস্যা, থাইৰয়েডৰ সমস্যা আদি বিভিন্ন শাৰীৰিক অসুবিধাৰ বাবে চিকিৎসকে দিনটোত অন্তত আধা ঘণ্টাৰ সময় খোজ কঢ়াৰ পৰামৰ্শ দিয়ে৷ অৱশ্যে ইয়াৰ সুফলো আছে যথেষ্ট৷ দিনটোৰ কোন সময়ত খোজ কাঢ়িলে শৰীৰৰ ওজন কমি যাব পাৰে, সেই কথাটো কিন্তু জানিবলগীয়া৷ পুৱা বা গধূলি স্বাস্থ্যৰক্ষা তথা শৰীৰৰ ওজন হ্ৰাসৰ কাৰণে বহুতেই খোজকাঢ়ে৷ কিন্তু ইয়াৰ পাছতো কোনোধৰণৰ সুফল পোৱা নাযায়৷ খোজকাঢ়িলে শৰীৰৰ ব্যায়াম হয় ঠিকেই, যদিও খোজকঢ়াৰো কিছু নিয়ম বা সঠিক সময় আছে৷ সঠিক সময়ত খোজকাঢ়িলে শৰীৰৰ ওজন দ্ৰুতভাৱে কমি যায়৷ বহু ক্ষেত্ৰতে দেখা যায় যে কাৰ্ডিঅ’ বা গধুৰ ব্যায়াম নকৰিলেও প্ৰাতঃভ্ৰমণ নিয়মিতভাৱে কৰাৰ অভ্যাস কৰি লয়৷ পুষ্টিবিদে কয় যে খোজকাঢ়িলে শৰীৰ ভালে থাকে, তাত কোনো দ্বিমত নাই৷ খোজকঢ়াৰ উপকাৰিতা কিমান সেই কথাটো চিকিৎসকে অনায়াসে মানি লয়৷ পুৱা উঠিয়েই প্ৰাতঃভ্ৰমণ কৰিলে শৰীৰ স্বাস্থ্য উন্নত হয় আৰু মন ভালে থাকে৷ প্ৰকৃতিৰ সান্নিধ্যত খোজকঢ়াৰ ফলত মানসিক স্বাস্থ্য উন্নত হয়৷ কিন্তু কথা হ’লে ওজন কমোৱাত সহায় কৰেনে? ইয়াৰ বাবে পুৱা উঠিয়েই যে খোজকাঢ়িব তেনে কোনো কথা নাই৷ বৰং কোন সময়ত খোজকাঢ়িলে কেলৰি বাৰ্ন হ’ব সেয়াই গুৰুত্বপূৰ্ণ৷ এই প্ৰসংগত পুষ্টিবিদে মন্তব্য কৰিছে যে দুপৰীয়াই হওক বা ৰাতি খাদ্য খাই উঠি কেইমিনিটমান খোজ কঢ়াটো অতি জৰুৰী৷ খাদ্য খাই খোজকঢ়াটো পুৱা প্ৰাতঃভ্ৰমতকৈ বেছি উপকাৰী৷ সেয়ে শৰীৰৰ ওজন কমাবলৈ হ’লে খাদ্য গ্ৰহণ কৰি কেইমিনিটমান খোজকঢ়াৰ অভ্যাস কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here