মাটিৰ তলতে হীৰাৰ খনি! ইয়াত কোটি টকা মূল্যৰ হীৰা জমা আছে ঠিকেই, কিন্তু ইয়াৰ মাটিৰ গভীৰতাৰ বাবে হীৰা বাহিৰ কৰিব খুজিলেও অনাৰ পথ বন্ধ৷ অতিৰিক্ত তাপমাত্ৰা হোৱাৰ কাৰণে এই গভীৰতালৈ যোৱাটো কাৰো সাধ্য নাই৷ চীনৰ বেইজিং চেণ্টাৰ ফৰ হাই প্ৰেছাৰ ছায়েন্স এণ্ড টেকনলজি এডভান্সড ৰিছাৰ্চৰ এজন বিজ্ঞানী ইয়ানহাও লিং আৰু তেওঁৰ সহকৰ্মীয়ে এক গৱেষণা পত্ৰত জনাইছে যে সৌৰজগতত এনে এটা গ্ৰহ আছে, যাৰ অভ্যন্তৰত আছে হীৰাৰ পাত৷ ইয়ানহাওৰ মতে পৃথিৱীতকৈ কম পৰিমাণে হ’লেও বুধ গ্ৰহত চৌম্বকক্ষেত্ৰৰ উপস্থিতি আছে৷ চৌম্বকক্ষেত্ৰৰ লগতে তাত উচ্ছ তাপমাত্ৰা তথা উচ্ছ চাপ থকাৰ কাৰণে কাৰ্বনৰ উপস্থিতিও অচিন্তনীয়৷ সেই তাপমাত্ৰা তথা চাপত গ্ৰাফাইটে পৰিণত হয় কাৰ্বনলৈ৷ বিজ্ঞানীৰ দাবী– লাভাৰ সমুদ্ৰ লাহে লাহে ঠাণ্ডা হৈ কঠিন হৈ পৰে৷ বুধ গ্ৰহৰ প্ৰায় ৪৮৫ কিলোমিটাৰ গভীৰতাত হীৰাৰ এটা মোটা পাতৰ বা স্তৰৰ উপস্থিতিৰ সম্ভাৱনা আছে৷ এই স্তৰ ১৫ কিলোমিটাৰজুৰি বিস্তৃত হৈ আছে৷ কিন্তু উচ্ছ তাপমাত্ৰাৰ কাৰণে সেই হীৰাৰ খনিৰ খনন কৰা অসম্ভৱ বুলিও বিজ্ঞানীয়ে জানিবলৈ দিছে৷