Diet PlusFitness PlusHealth NaturallyHealth Talksকৃমিৰ পৰা শিশুৱে কিদৰে ঘৰুৱাভাৱে প্ৰতিকাৰ পাবBy Health Plus - June 7, 2025052Facebook Twitter Pinterest WhatsApp মানুহ আৰু আন্যান্য প্ৰাণীৰ দেহত বাস কৰা এবিধ পৰজীৱী প্ৰাণী হৈছে কৃমি৷ ইহঁতে মানুহৰ দেহৰ ভিতৰৰ পৰা খাদ্য গ্ৰহণ কৰে৷ ইণ্টাৰ’বাছ ভাৰ্মিকুলাৰিছ নামৰ জীৱাণুৰ দ্বাৰা খোৱাপানী আৰু খাদ্যৰ যোগেদি এই ৰোগে শৰীৰত আক্ৰমণ কৰে৷ ইয়াৰ উপৰি অধিক মিঠাজাতীয় বস্তু, মছলা আৰু লেতেৰা হাতেৰে কোনো খাদ্যবস্তু খালেও কৃমি হ’ব পাৰে৷ শিশু অৱস্থাত সাধাৰণতে এই ৰোগ বেছিকৈ হয়৷ এই ৰোগ হ’লে টোপনিত দাঁত চবোৱা, নাক খজুওৱা, টোপনিত পেচাব হোৱা, শৌচৰ দ্বাৰ খজুওৱা আদি হয়৷ ইয়াৰ পৰিমাণ অত্যধিক হ’লে মৃত্যুপৰ্যন্ত হ’ব পাৰে৷নেমুৰ গুটি খু্ন্দি পানীৰ সৈতে খালী পেটত খালে পেলু সহজে মৰে৷গাখীৰৰ সৈতে নহৰু সিজাই খালে কৃমি মৰে৷নাৰিকল মিহিকৈ ৰুকি ৰাতিপুৱা খালী পেটত খাব লাগে৷আমলখিৰ ৰস একেৰাহে খালেও কৃমি নাইকিয়া হয়৷অকণমান হিং পানীত গুলি খুৱালে কৃমি নশ হয়৷চূণৰ পানী কম পৰিমাণে খালে কৃমি নাশ হয়৷নিমৰ পাত ভাজি খালে কৃমি নাইকিয়া হয়৷শেৱালি ফুল ভাজি খালেও কৃমি নাশ হয়৷