কুঁহিয়াৰৰ ৰস স্বাস্থ্যৰবাবে কিমান উপকাৰী?

0
176


কুঁহিয়াৰ খাই সকলোৱে ভাল পায়৷ ভাৰতৰ অধিকাংশ লোকেই কুঁহিয়াৰৰ ৰস সেৱন কৰিবলৈ পচন্দ কৰে৷ প্ৰধানকৈ গ্ৰীষ্মকালত উযকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে কুঁহিয়াৰৰ ৰস সেৱন কৰে৷ ইয়াৰ ফলত শৰীৰৰে পানীৰ অভাৱ পূৰ কৰাৰ লগতে শৰীৰৰ শীতল পৰি যায় আৰু শৰীৰৰ পুষ্টি লাভ কৰে৷ আনহাতে কুঁহিয়াৰৰ পৰা চেনি আৰু গুৰো প্ৰস্তুত কৰা হয়৷ কুঁহিয়াৰৰ যথেষ্ট পৰিমাণে চৰ্বি পোৱা যায়৷ কুঁহিয়াৰৰ ৰস স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী৷ কুঁহিয়াৰৰ ৰসে লিভাৰৰ কাৰ্যক্ষমতা বঢ়াই শক্তিশালী কৰাত সহায় কৰে৷ জণ্ডিচ ৰোগত ভোগাসকলৰ বাবে কুঁহিয়াৰৰ ৰস মহৌষধ৷ কুঁহিয়াৰৰ ৰসত এণ্টিঅক্সিডেণ্ট পোৱা যায় আৰু ইয়ে লিভাৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷ কুঁহিয়াৰৰ ৰস প্ৰচুৰ পৰিমাণে আইৰন, মেগনেচিয়াম, কেলচিয়াম থাকে৷ নিয়মীয়াকৈ কুঁহিয়াৰৰ ৰস সেৱন কৰাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ ইয়াৰ লগতে কুঁহিয়াৰৰ ৰসে পেচাৰ পৰিষ্কাৰ কৰাত সহায় কৰে৷ এই ৰসে শৰীৰৰ ভিতৰত বৰ্জ্য পদাৰ্থ পেচাবৰ জৰিয়তে ওলাই দিয়াত সহায় কৰে৷ ইয়াৰ বাহিৰেও শৰীৰৰ ডিহাইড্ৰশ্যন হ’লে কুঁহিয়াৰৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়৷ শৰীৰৰ পানীৰ অভাৱ পূৰণ কৰাতো কুঁহিয়াৰৰ ৰসে সহায় কৰে৷ প্ৰস্ৰাৱৰ বিকাৰত ভোগা লোকসকলে দৈনিক কুঁহিয়াৰৰ ৰস সেৱন কৰিলে পৰিত্ৰাণ পাব পাৰি৷ আনহাতে পেচাব জ্বলা-পোৰা কৰা, পেচাব কমকৈ হোৱা আদি অসুবিধাসমূহত কুঁহিয়াৰ ৰস সেৱন কৰিলে ভাল ফল পোৱা যায়৷ আনহাতে কুঁহিয়াৰত থকা গ্লাইক’লিক এচিডে ছাল উজ্জ্বল কৰাত সহায় কৰে৷ ছালৰ সুৰক্ষা তথা যতনৰ বাবে কুঁহিয়াৰৰ ৰস সেৱন কৰিব পাৰে৷ কুঁহিয়াৰৰ ৰসে হূদৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে৷ হাৰ্ট সুস্থ ৰাখিবলৈ কুঁহিয়াৰৰ ৰস সেৱন কৰা উচিত৷ ইয়াৰ লগতে কুঁহিয়াৰৰ ৰসে শৰীৰত কলেষ্টৰেলত মাত্ৰা বৃদ্ধি হোৱাত বাধা দিয়ে৷ এয়া কথা মন কৰিব যে কুঁহিয়াৰৰ ৰস উলিয়াই ১০-১৫ মিনিটৰ ভিতৰতে খোৱা উচিত৷ কুঁহিয়াৰৰ ৰস বেছি সময় থৈ দিলে ইয়াৰ পুষ্টিগুণ নষ্ট হয়৷ ইয়াক সেৱন কৰিলে কোনো সুফল পোৱা নাযায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here