কিডনী ষ্ট’নৰ সম্ভাৱনা কমাবলৈ এইবোৰ খাদ্য তালিকাৰ পৰা বাদ দিয়ক

0
1

কিডনী ষ্ট’নৰ যন্ত্ৰণা কিমান প্ৰবল, সহ্যাতীত হয়, সেয়া ভুক্তভোগীয়েহে জানে৷ এই যন্ত্ৰণা হঠাৎ আৰম্ভ হয়৷ কিন্তু যেতিয়া আৰম্ভ হয়, তেতিয়া সহ্যশক্তিৰ সীমা চেৰাই যায়৷ বহুতেই এই অভিজ্ঞতাৰ সন্মুখীন হৈছে আৰু যিসকলে এইধৰণৰ সমস্যাত পৰা নাই, তেনে লোকেও এই যন্ত্ৰণাৰ পৰা দূৰত থাকিবলৈ খাদ্যাভ্যাসৰ সামান্য সলনি কৰাৰ প্ৰয়োজন৷ কি কি খাদ্য খোৱা অনুচিত কিডনী ষ্ট’নৰ সম্ভাৱনা কমাবলৈ জানো আহক৷
শাক বা পাতজাতীয় খাদ্য যেনে বন্ধাকবি, বিট, ৰঙা আলু, বাদাম আদিত অক্সালেট যথেষ্ট পৰিমাণে থাকে৷ এই উপাদানে কিডনীত কেলচিয়ামৰ সৈতে মিহলি হৈ কেলচিয়াম অক্সালেট ষ্ট’নৰ সৃষ্টি কৰিব পাৰে৷ ইয়াৰ অৰ্থ কিন্তু এইটো নহয় যে এইবোৰ খাদ্য সম্পূৰ্ণ বাদ দিব৷ কিয়নো এনেবোৰ খাদ্যৰ বিভিন্ন পুষ্টিগুণ আছে৷ এই খাদ্যসমূহ খোৱাৰ লগত একেসময়তে গাখীৰ বা দৈজাতীয় কেলচিয়াম সমৃদ্ধ খাদ্য খাব, যিয়ে কিডনীত অক্সালেট জমা হোৱাত বাধা দিয়ে৷
অতিৰিক্ত মুৰ্গীৰ মাংস, ছাগলীৰ মাংস, ৰেড মিট আনকি ফেটযুক্ত মাছো অতিৰিক্ত পৰিমাণে খালে ইউৰিক এচিডৰ সম্ভাৱনা বাঢ়ে৷ যিয়ে প্ৰস্ৰাৱত কেলচিয়ামৰ মাত্ৰা বঢ়াই দিব পাৰে৷ আনহাতে কেলচিয়ামৰ মাত্ৰা বাঢ়িলে কিডনী ষ্ট’নৰ সম্ভাৱনা বাঢ়ে৷ সেয়ে প্ৰাণীজ প্ৰ’টিন বেছিকৈ নোখোৱাই ভাল৷
ভাৰতীয়সকলে বিভিন্ন খাদ্যত সৰহকৈ নিমখ সেৱন কৰে৷ সকলো খাদ্যতে নিমখ খোৱাৰ ফলত শৰীৰৰ ছ’ডিয়ামৰ মাত্ৰা বা পৰিমাণ যথেষ্ট বৃদ্ধি পায়৷ আৰু অতিৰিক্ত নিমখ সেৱনে কিডনীৰ ক্ষতি কৰে৷ যাৰ বাবে কিডনী ষ্ট’নৰ সৃষ্টি হ’ব পাৰে৷
কোলাজাতীয় পানীয়, অন্যান্য শীতল পানীয় আনকি কিছুমান ফলৰ ৰস, এনাৰ্জি ড্ৰিংকছত উচ্ছ মাত্ৰাত ফ্ৰুক্টজ থাকে৷ এই উপাদানে প্ৰস্ৰাৱত ৰাসায়নিক সলনি কৰিব পাৰে, যিয়ে কেলচিয়াম প্ৰস্তুতৰ মাত্ৰা বঢ়াই দিব পাৰে৷ এইধৰণৰ পানীয়ৰ পৰিৱৰ্তে নেমুৰ ৰস, ডাবৰ পানী খোৱা উচিত৷
পাঁচশ মিলিগ্ৰামতকৈ বেছি ভিটামিন-চিৰ ঔষধ খালে শৰীৰত অক্সালেটৰ মাত্ৰা বঢ়াই দিয়ে৷ যদি আপুনি ভিটামিন-চিৰ ছাপ্লিমেণ্ট খায়, চিকিৎসকৰ পৰামৰ্শ লোৱা অতি প্ৰয়োজন৷
প্ৰতিদিনে শৰীৰৰ বাবে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰাটো অতি জৰুৰী৷ সঠিক মাত্ৰাত পানী সেৱন নকৰিলে কিডনী ষ্ট’ন হোৱাৰ সম্বাৱনা বেছি থাকে৷ দৈনিক দুই-তিনি লিটাৰ পানী সেৱন কৰিলে ষ্ট’ন তৈয়াৰ কৰা উপাদানবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়াত সহায় হয়৷ সেয়ে নিয়মিত সঠিক মাত্ৰাত পানী সেৱন কৰিলে কিডনী ষ্ট’ন হোৱাৰ সম্ভাৱনা একেবাৰে নাথাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here