Diet PlusFitness PlusHealth NaturallyHealth Talksকিডনীৰ ৰক্ষাকৱচ এই দাইলৰ পানীBy Health Plus - July 2, 202505Facebook Twitter Pinterest WhatsApp এই দাইলে অকল কিডনীৰ পাথৰৰ যন্ত্ৰণা উপশম নকৰে, বৰং কিডনীৰ পাথৰ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিব পাৰে৷ দিনক দিনে কিডনীৰ ৰোগ তথা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ লেকামহীন জীৱন-যাপন, পেছাগত চাপ, পানী কমলৈ সৱনৰ অভ্যাস, দীৰ্ঘ সময় ধৰি প্ৰস্ৰাৱ নকৰি ধৰি ৰখা আদি বিভিন্ন কাৰণত কিডনীৰ পাথৰ সৃষ্টি হ’ব পাৰে৷ অৱশ্যে কেতিয়াবা পাথৰৰ আকাৰ সৰু হ’লে নিজেই প্ৰস্ৰাৱৰ মাধ্যমেৰে ওলাই আহে৷ কিডনীৰ পাথৰ হ’লে যি বিষ-বেদনা হয়, সেয়া অসহ্যকৰ৷ পৰিসংখ্যাই কোৱা মতে, বিগত পাঁচ বছৰৰ ভিতৰত মানুহৰ মাজত কিডনী ষ্ট’নৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে৷ ইউৰ’লজি বিশেষজ্ঞই জনাইছে যে শৰীৰক পানীৰ অভাৱ হ’লে প্ৰস্ৰাৱ ঘন হৈ যায় আৰু ইয়াত থকা বৰ্জ্য পদাৰ্থ জমা হৈ কিডনীত পাথৰৰ সৃষ্টি কৰে৷ সাধাৰণতে কিডনী ষ্ট’ন কেলচিয়াম, অক্সালেট, ইউৰিক এচিডৰ দৰে উপাদানৰ পৰা তৈয়াৰ হয়৷ গ্ৰীষ্মকালত অতিৰিক্ত কেফেইন আৰু মিঠাইজাতীয় খাদ্য খালে কিডনীত পাথৰৰ সমস্যা বাঢ়িব পাৰে৷কিডনী ষ্ট’নৰ বিষয়ে সাধাৰণ মানুহৰ মাজত সচেতনতাৰ অভাৱ তথা চিকিৎসাৰ ক্ষেত্ৰত পলম হোৱাৰ কাৰণে পাছত অস্ত্ৰোপচাৰৰ বাদে আন বিকল্প নাথাকে৷ একাধিক গৱেষণাত দেখা গৈছে যে এই দাইলবিধৰ পানী কিডনীৰ সুস্থতাৰ বাবে উপযুক্ত৷ এই দাইলে কিডনীত পাথৰ জমা হোৱাৰ বাধা দিয়ে৷ কুলথি দাইল যাক ঘোঁৰাৰ ছোলাও বোলা হয়৷ কুলথি দাইল পানীৰ সৈতে খালে কিডনীৰ পাথৰ লাহে লাহে গলিবলৈ আৰম্ভ কৰে আৰু প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ হয়৷ কুলথি দাইলত পটাচিয়াম, মেগনেচিয়াম আৰু ইয়াৰ ডায়ুৰেটিক গুণাৱলীয়ে কিডনীৰ আকাৰ সৰু কৰি শৰীৰৰ পৰা বাহিৰ কৰাত সহায় কৰে৷ এই দাইলে অকল পাথৰৰ যন্ত্ৰণাই উপশম কৰা নহয়, বৰং পাথৰ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি দিয়ে৷ নিয়মিতভাৱে কুলথিৰ দাইল খালে কিডনী পৰিষ্কাৰ আৰু সুস্থ হৈ থাকে৷ কুলথিৰ দাইলত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু প্ৰ’টিন থাকে, যিয়ে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ এই দাইল খোৱাৰ ফলত বহু সময় ধৰি পেট ভৰ্তি হৈ থাকে বাবে অতিৰিক্ত খোৱাৰ প্ৰৱণতা কমি থাকে৷ কুলথি দাইলত থকা ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টে বেয়া কলেষ্টৰেলৰ মাত্ৰা কমাত ৰখাত সহায় কৰে৷ কুলথি দাইলত থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লমেটৰি গুণে কাহ-চৰ্দি আদি সমস্যা সমাধান কৰে৷ পেটৰ যিকোনো আলচাৰ এই দাইলে নিৰায়ম কৰিব পাৰে৷