ক’লা হৈছে সমুদ্ৰৰ ৰং! ভৱিষ্যতৰ ভয়ংকৰ সংকেত পালে বিজ্ঞানীয়ে

0
2

পৃথিৱীৰ ৭১ শতাংশই সমুদ্ৰ৷ স্থলভাগ মাত্ৰ ২৯-৩০ শতাংশ৷ জীৱৰ জীৱন-ধাৰণৰ বাবে সমুদ্ৰৰ গুৰুত্ব অপৰিসীম৷ এতিয়া এই সমুদ্ৰক লৈয়ে চিন্তিত হৈ পৰিছে বিজ্ঞানীয়ে৷ জানিব পৰা মতে দ্ৰুতভাৱে ক’লা হৈ গৈছে সমুদ্ৰৰ এটা ডাঙৰ অংশ৷ প্লাইমাউথ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে দাবী কৰিছে যে বিগত দুই দশক গোটেই বিশ্বৰ মহাসাগৰৰ ২১ শতাংশই ক’লা ৰং হৈ গৈছে৷ সাধাৰণতে সমুদ্ৰৰ সকলোতকৈ ওপৰৰ স্তৰ সূৰ্যৰ পোহৰে ভেদ কৰিব নোৱাৰিলে এনে পৰিস্থিতিৰ সৃষ্টি হয়৷ আনহাতে সমুদ্ৰৰ জীৱৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় এই ওপৰৰ স্তৰটো৷ ইয়াক ফোটিক জ’ন বুলি কোৱা হয়৷ এই স্তৰটোত সূৰ্যৰ পোহৰে একেবাৰেই প্ৰৱেশ কৰিব পৰা নাই৷ প্ৰায় ২০ বছৰে কৃত্ৰিম উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্য মতে এই কথা জনা গৈছে৷ এই ফোটিক জ’নতেই সমুদ্ৰৰ সালোক সংশে¡ষণ ঘটে৷ ইয়াৰ ফলত সামুদ্ৰিক খাদ্য শৃংখলৰ সূচনা ঘটে৷ যিহেতু এই শৃংখল ব্যাহত হয়, সেয়ে সমুদ্ৰৰ বাস্তুতন্ত্ৰৰ পক্ষে যি প্ৰবল সমস্যাৰ সৃষ্টি হয়, সকলোৱে বিদিত৷ উল্লেখ্য যে সমুদ্ৰৰ পৰা প্ৰচুৰ অক্সিজেন উৎপন্ন হয়৷ পৃথিৱীত যি অক্সিজেন গ্ৰহণ কৰা হয়, তাৰ প্ৰায় ৫০-৮০ শতাংশ সমুদ্ৰৰ পৰা পোৱা হয়৷ কিন্তু সমুদ্ৰত অন্ধকাৰ বঢ়া মানে অক্সিজেনৰ উৎপাদনৰ গতি মন্থৰ হোৱা লগতে কাৰ্বন-ডাই-অক্সাইড সমুদ্ৰই অধিক পৰিমাণৰ শোষণ কৰা৷ শোষণ কৰে তাপো৷ ইয়াৰ ফলত পৃথিৱীৰ বাবেই বিপদ আহিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here