কভিড-১৯ক নিষ্ক্ৰিয় কৰা কি এই Face Mask ?

0
925
National Autonomous University of Mexico চমুকৈ UNAM-ৰ গৱেষকসকলে ৰূপ আৰু তামৰ পাতল তৰপ (নেন’লেয়াৰ) ব্যৱহাৰ কৰি কভিড-১৯ ৰোগৰ সৃষ্টি কৰা SARS-COV-2 বীজাণুক নিষ্ক্ৰিয় কৰিব পৰা Face Mask সৃষ্টি কৰিছে৷ বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক গেজেটত অলপতে এই কথা প্ৰকাশ পাইছে৷ UNAM-এ তিনিটা তৰপৰ এণ্টি মাইক্ৰ’বিয়েল (প্ৰতি-অণুজীৱী) ফে’চ মাস্কখনৰ নাম দিছে Sakcu ৷ গৱেষকসকলে পৰীক্ষাৰ বাবে মেক্সিকেছৰ জুৱাৰেজ হাস্পতালৰ কভিড ৰোগীৰ পৰা বীজাণু লৈ পলিপ্ৰপিলীনত ৰখা ৰূপ-তামৰ ফিল্মত ৰাখিছিল৷ UNAM-এ কয় যে যদি বীজাণুজনিত গাঢ়তা বেছি হয়, তেতিয়া ৮ ঘণ্টাত বীজাণুৰ ৮০% অন্তৰ্ধান হয় আৰু যদি গাঢ়তা কম হয় তেন্তে দুঘণ্টাত ভাইৰাছৰ RNA-ৰ উপস্থিতি পোৱা নাযায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here