ক’ভিডৰ পাছত হৃদপিণ্ডৰ পৰীক্ষাৰ প্ৰয়োজন

0
963
ক’ভিড আক্ৰান্ত লোকৰ কৰ’না ভাইৰাছৰ দ্বাৰা হোৱা যিকোনো পাশ্বৰ্ক্ৰিয়াৰ পৰা ৰক্ষা কৰিবলৈ বা চিকিৎসা কৰি আৰোগ্য হোৱাৰ পাছত হৃদপিণ্ডৰ পৰীক্ষা কৰাটো অতিকে প্ৰয়োজন৷ কভিড আক্ৰান্ত হোৱা হৃদৰোগীকে ধৰি অন্য লোকেও সতৰ্ক হোৱা উচিত; কিয়নো ক’ভিডৰ ফলত হৃদৰোগ বা কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগ থকা ব্যক্তিসকলৰ গুৰুতৰ লক্ষণ বা বেয়া ফল দেখা দিয়ে৷ হৃদপিণ্ডৰ বিফলতাৰ দৰে মৃত্যুৰ মোকাবিলা কৰাত সহায় কৰিবলৈ ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত সম্পূৰ্ণ ৰোগ নিৰ্ণয় কৰাটো উচিত৷ ক’ভিডোত্তৰ কালত বাহিৰৰ শাৰীৰিক সক্ৰিয়তা সীমিত আৰু নিজকে সুস্থ ৰাখিবলৈ কোনো প্ৰকাৰৰ আভ্যন্তৰীণ ব্যায়াম নিশ্চিত কৰিব লাগে৷ গুৰুতৰ ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত ক’ভিড-১৯ৰ ফলত হৃদপিণ্ডৰ দুৰ্বল স্বাস্থ্যৰ বাবে ইয়াৰ ক্ৰিয়া বন্ধ হোৱাৰ এক সম্ভাব্য কাৰণ হ’ব পাৰে৷ যিহেতু লাখ লাখ ৰোগীয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে, তেওঁলোকৰ মাজৰ বিশেষকৈ, হৃদৰোগীসকলে অত্যন্ত সাৱধান হোৱাৰ প্ৰয়োজন৷– এইদৰে মত ব্যক্ত কৰে গুৱাহাটীৰ এপল’ হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ ঋতুপৰ্ণ বৰুৱাই৷ সেয়েহে ক’ভিড মুক্ত হোৱাৰ পাছতে আপুনি হৃদপিণ্ডৰ পৰীক্ষা কৰাটো অতিকে জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here