কভিডৰ তৃতীয় ঢৌ অক্টোবৰ-নৱেম্বৰত শীৰ্ষলৈ উঠিব নেকি ?

0
658
যদি ছেপ্টেম্বৰৰ ভিতৰত বৰ্তমান থকাতকৈ অধিক মাৰাত্মক মিউটেণ্ট উদ্ভৱ হয় তেন্তে ভাৰতত কভিড-১৯ৰ এটা তৃতীয় ঢৌৰ শীৰ্ষ অৱস্থা অক্টোবৰ আৰু নৱেম্বৰৰ মাজত দেখিবলৈ পোৱা যাব৷ কিন্তু ইয়াৰ প্ৰাবল্য দ্বিতীয় ঢৌতকৈ বহুত কম হোৱাৰ সম্ভাৱনা আছে৷ কভিড-১৯ মহামাৰীৰ গাণিতিক আৰ্হি তৈয়াৰত জড়িত এগৰাকী বিজ্ঞানীয়ে এই কথা কয়৷ সংক্ৰমণৰ যিকোনো বৃদ্ধিৰ আগজাননী দিয়া কামৰ দায়িত্ব দিয়া তিনিজনীয়া বিশেষজ্ঞ দলৰ IIT কানপুৰৰ বিজ্ঞানী মনীন্দ্ৰ আগৰৱালাই কয় যে যদি নতুন সাংঘাতিক ৰোগ উৎপাদকৰ উদ্ভৱ নহয়, তেন্তে পৰিস্থিতি সলনি হোৱাৰ সম্ভাৱনা নাই৷ দ্বিতীয় ঢৌৰ শীৰ্ষত মে’ত দৈনিক ৪ লাখকৈ কৰ’নাৰ নতুন সংক্ৰমণ দেখাৰ বিপৰীতে যদি তৃতীয় ঢৌ শিখৰলৈ উঠে তেন্তে দৈনিক ১ লাখকৈ সংক্ৰমণ হ’ব পাৰে৷ যোৱা মাহত গাণিতিক আৰ্হিয়ে দেখুৱাইছিল যে যদি অধিক মাৰাত্মক মিউটেণ্ট বা উৎপৰিৱৰ্তী আহে তেন্তে তৃতীয় ঢৌ অক্টোবৰ-নৱেম্বৰত শীৰ্ষলৈ উঠিব আৰু দৈনিক সংক্ৰমণ ১.৫ লাখৰ পৰা ২ লাখৰ ভিতৰত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here