কভিডৰ কোনটো ভেৰিয়েণ্ট অধিক সংক্ৰামক?

0
2159

ক’ভিড ৰোগীসকলে কাণেৰে কম শুনা, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হোৱা আৰু তেজৰ খমলা বন্ধা লক্ষ্য কৰা হৈছে৷ এইবোৰৰ ফলত গেংগ্ৰিন অৰ্থাৎ তেজ চলাচলৰ অভাৱত দেহৰ কোষবোৰ পচি যায়৷

ভাৰতত ক’ভিড-১৯ৰ দ্বিতীয় ঢৌ বেছি সংহাৰী হোৱাৰ কাৰণ হ’ল কৰ’না ভাইৰাছৰ 
বি.১.৬১৭.২ বা ডেল্টা বুলি নামকৰণ কৰা ৰূপটো৷ এইপৰ্যন্ত এই ৰূপ বা ভেৰিয়েণ্টটোৱেই আটাইতকৈ বেছি সংক্ৰামক৷ চিকিৎসকসকলে কয় যে প্ৰথমতে ভাৰতত ধৰা পৰা ডেল্টা ৰূপটোৰ কাৰণে ক’ভিড ৰোগীসকলে কাণেৰে কম শুনা, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হোৱা আৰু তেজৰ খমলা বন্ধা লক্ষ্য কৰা হৈছে৷ এইবোৰৰ ফলত গেংগ্ৰিন অৰ্থাৎ তেজ চলাচলৰ অভাৱত দেহৰ কোষবোৰ পচি যায়৷ ক’ভিড ৰোগীসকলৰ ক্ষেত্ৰত এইবোৰ লক্ষণ আগতে দেখা নগৈছিল৷ ইংলেণ্ড আৰু স্কটলেণ্ডতো এই ৰূপটোৰ কাৰণে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হোৱাৰ বিপদ বাঢ়িছে৷ যোৱা ছমাহত ডেল্টা ৬০খনৰো অধিক দেশলৈ বিয়পিছে আৰু অষ্ট্ৰেলিয়াৰ পৰা আমেৰিকালৈকে বিভিন্ন দেশে ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here