ক’ত? নদীৰ পানী আঠাজাতীয়ৰ লগতে অদ্ভুত স্বাদ

0
1751

ভোগদৈৰ পানী ব্যৱহাৰ কৰাৰ পাছত অধিকাংশ লোকৰ শৰীৰত খজুৱতি হোৱা বুলি জানিব পৰা গৈছে৷

মানুহে খান্দি সৃষ্টি কৰা ঐতিহাসিক ভোগদৈ নৈৰ পানী শেহতীয়াকৈ অস্বাভাৱিক হৈ পৰিছে৷ এই ঐতিহাসিক নৈখনৰ পানীয়ে শেহতীয়াকৈ নিজৰ স্বকীয়তা হেৰুৱাইছে নেকি? বিগত প্ৰায় এটা পষেকৰ আগৰ পৰা এই ভোগদৈ নৈৰ পানী পূৰ্বৰ দৰে হৈ থকা নাই৷ ভোগদৈৰ পানী আঠাজাতীয় হৈ পৰাৰ লগতে পানীখিনিৰ এক অদ্ভুত স্বাদ পোৱা গৈছে৷ ইয়াৰ উপৰি ভোগদৈৰ পানীত পূৰ্বে নোপোৱা এক গোন্ধ পোৱা গৈছে, যিটো কিছু পৰিমাণে দুৰ্গন্ধ বুলিও বহু লোকে ক’ব খোজে৷ বৰ্তমান ভোগদৈ নৈৰ পানী ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷ এই পানী ব্যৱহাৰ কৰা লোকে প্ৰথমে ইয়াক সাধাৰণ ঘটনা বুলি ভাবি আহিছিল যদিও ক্ৰমশঃ সমস্যাৰ সৃষ্টি কৰিবলৈ ধৰাত ৰাইজ আতংকিত হৈ পৰিছে৷ ভোগদৈৰ পানী ব্যৱহাৰ কৰাৰ পাছত অধিকাংশ লোকৰ শৰীৰত খজুৱতি হোৱা বুলি জানিব পৰা গৈছে৷ চুলিত এই পানী লাগিলে অস্বাভাৱিক ধৰণে আঠা হৈ পৰা বুলিও বহু লোকে জানিবলৈ দিছে৷ আনকি ভোগদৈৰ পানী ব্যৱহাৰ কৰাৰ ফলত বহু লোক এতিয়া পেটৰ বিষত আক্ৰান্তও হৈছে৷ উল্লেখ্য যে মৰিয়নিৰ নাগাজাংকা, দিছৈ, কঁঠালগুৰি, হোনোৱাল, কাটনিবাৰী, ডকলঙীয়া, হাতীগড়, কলিয়াপানী আদি চাহ বাগিচাই এই ভোগদৈ নৈৰ পানীৰ ওপৰতেই নিৰ্ভৰ কৰি আহিছে৷ কিন্তু শেহতীয়াকৈ হঠাৎ নৈখনৰ পানীয়ে স্বকীয়তা হেৰুৱাই পেলোৱাৰ ফলত ভয়াৱহ পৰিস্থিতিৰ আশংকা কৰিছে জনসাধাৰণে৷ এই সন্দৰ্ভত এক তদন্তৰ দাবী জনাইছে সচেতন ৰাইজে৷ ভোগদৈৰ নৈৰ উৎপত্তিৰ উৎসৰ লগতে বৈ অহা সমগ্ৰ পথছোৱাত অনুসন্ধান কৰি বিজ্ঞানসন্মতভাৱে এই গুৰুতৰ সমস্যাৰ সমাধান কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে সচেতন মহলে আহ্বান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here