কণীৰ কুহুম অংশ নাখায় ভুল নকৰিব

0
61

আমাৰ শৰীৰত প্ৰ’টিনৰ অভাৱ পূৰণ কৰিবলৈ কণী খোৱাটো খুবেই প্ৰয়োজন৷ প্ৰ’টিনৰ উৎস কণীৰ বগা অংশত ২৬ গ্ৰাম প্ৰ’টিন, ১২৬ গ্ৰাম কেলৰি, ২ গ্ৰামৰ কম চৰ্বি, ১৩ প্ৰকাৰৰ ভিটামিন, খনিজ আদি থাকে৷ কণীৰ বগা অংশ যে স্বাস্থ্যৰ পক্ষে উত্তম, তাত কোনো সন্দেহ নাই৷ কিন্তু এটা কণীত তেতিয়া পুষ্টিগুণেৰে পৰিপূৰ্ণ খাদ্য পোৱা যায়, যেতিয়া কুহুম-সহিতে কণীটো সম্পূৰ্ণকৈ গ্ৰহণ কৰা হয়৷ কণীৰ পুষ্টিগুণৰ ওপৰত ভিত্তি কৰিহে তাৰ পুষ্টিমানৰ ঘনত্ব হিচাপ কৰা হয়৷
নিউট্ৰিচিয়ানৰ মতে এটা কণীৰ কুহুম অংশত পাঁচ গ্ৰাম চৰ্বি আৰু ২১১ মিঃলিঃগ্ৰাম কলেষ্টৰেল থাকে৷ এই দুবিধ উপাদানৰ বাবে বহুতে কণীৰ কুহুম খোৱাটো বাদ দিয়ে৷ কণী কুহুমৰ সৈতে নাখালে লুটেইন আৰু জিয়াজানথিন নামৰ দুটা কেৰোটিনয়েড নামৰ উপাদানৰ পৰা আমি বঞ্চিত হওঁ, যি চকুৰ সুস্বাস্থ্যৰ বাবে অত্যন্ত জৰুৰী৷ কণীৰ কুহুমত কোলিন নামৰ আন এক দৰকাৰী উপাদান পোৱা যায়, যিয়ে স্মৃতিশক্তি বঢ়োৱাৰ লগতে মস্তিষ্ক সক্ৰিয় ৰখাত সহায় কৰে৷ কণীৰ কুহুমত থকা ফোলেইট উপাদানে গৰ্ভস্থ শিশুৰ নিউৰেল টিউবৰ অস্বাভাৱিকতা ৰোধ কৰাত সহায় কৰে৷ ইয়াৰ উপৰি কণীৰ কুহুমত ভিটামিন-বি১২, ৰিবোফ্লাবিন, ভিটামিন-ডি, ভিটামিন-এ, ভিটামিন-কে আদি পোৱা যায়, যি আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here