কঁকালৰ বিষ কিদৰে নিৰাময় কৰিব?

0
1677


সৰুৱে হওক বা ডাঙৰে হওক আজিকালি প্ৰায়ভাগ লোকৰে এটা সমস্যা হৈছে কঁকালৰ বিষ৷ কঁকালৰ বিষ পুৰুষ-মহিলা উভয়ৰে হোৱা দেখা যায় যদিও পুৰুষৰ তুলনাত মহিলা এই সমস্যাত বেছিকৈ ভোগা দেখা যায়৷ আমাৰ মেৰুদণ্ডডালৰ যিকোনো বিজুতি ঘটিলে কঁকালৰ বিষ হয়৷ সাধাৰণতে অত্যধিক ওজন উঠোৱা, শৰীৰৰ ওজন বৃদ্ধি, বেছিকৈ হাউলি কাম কৰা, খাদ্যত কেলচিয়ামৰ অভাৱ, ৰাজহাড় ক্ষয় যোৱা, অত্যধিক শুই-বহি থকাৰ ফলত কঁকালৰ বিষ হোৱা দেখা যায়৷ ইয়াৰ উপৰি শৌচ খোলোচা নোহোৱা, মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হোৱা, খাদ্য হজম নোহোৱা, প্ৰস্ৰাৱৰ দোষতো কঁকালৰ বিষ হ’ব পাৰে৷ ইয়াৰ নিৰাময়ৰ উপায় কি জানো আহক–
(১) কেলচিয়াম আৰু ভিটামিনযুক্ত খাদ্য সেৱন কৰিব লাগে৷
(২) নহৰু খুন্দি বিষ হোৱা ঠাইত লগালে বিষ নাইকিয়া হয়৷
(৩) নিতৌ আধা ঘণ্টামান পোন হৈ খোজ কাঢ়িব লাগে৷
(৪) ব্যায়ামেও আমাৰ কঁকালৰ বিষ নিৰাময় কৰে৷
(৫) প্ৰস্ৰাৱৰ দোষত কঁকালৰ বিষ হ’লে দুপৰটেঙাৰ পাতৰ ৰস খালে সুফল পোৱা যায়৷
(৬) মাটিমাহ পিহি বিষ হোৱা ঠাইখিনিত মালিচ কৰিব লাগে৷
(৭) কপূৰ্ৰ নাৰিকল তেলৰ লগত উতলাই ঠাণ্ডা হোৱাৰ পাছত মালিচ কৰিব লাগে৷
(৮) ঠাণ্ডাৰ দিনত কঁকালৰ বিষ হ’লে গৰম পানীৰ সেক নাইবা নিমখ গৰম কৰি সেক দিলেও উপশম পাব পাৰি৷
(৯) গৰম তেলত নহৰু থেতেলিয়াই দি মালিচ কৰিলেও বিষ নিৰাময় হয়৷
(১০) গৰম তিল তেলত জাইফল মিশ্ৰণ কৰি মালিচ কৰিলেও বিষ নাইকিয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here