Beauty PlusDaily newsFitness Plusওঁঠৰ যতনৰ বাবে ঘৰুৱাভাৱে প্ৰস্তুত কৰক লিপ বামBy Health Plus - August 18, 202501Facebook Twitter Pinterest WhatsApp দৈনিক ওঁঠৰ যত্নৰ কৰাৰ কওঁতে লিপ বামকে নিৰ্বাচন কৰা হয়৷ দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনত ওঁঠৰ নিয়মিত স্ক্ৰাব কৰা, ওঁঠৰ স্বাস্থ্য, ওঁঠৰ পুষ্টিকৰ মাস্ক লগোৱাৰ সময় বা সুযোগ খুব কমকৈ পোৱা যায়৷ সেয়ে ওঁঠত বজাৰৰ পৰা কিনি অনাী লিপবামেই ব্যৱহাৰ কৰা হয়৷ অৰ্থাৎ ৰাসায়নিক সমৃদ্ধ, প্ৰক্ৰিয়াজাত৷ কিয়নো যেতিয়া প্ৰাকৃতিক উপাদান প্ৰস্তুত হয়, তাক দীৰ্ঘসময় ভালে ৰখাৰ কাৰণে প্ৰিজাৰভেটিভৰ দৰকাৰ৷ কিন্তু লিপ বাম যদি ঘৰতে তৈয়াৰ কৰা হয়, তেন্তে দোকানৰ ৰাসায়নিক মিহলি লিপবাম ব্যৱহাৰ কৰা আৱশ্যকতা নাথাকে৷ সেয়ে ওঁঠৰ স্বাস্থ্য ভালে ৰাখিবলৈ ঘৰুৱাভাৱে কিদৰে লিপবাম প্ৰস্তুত কৰিব৷অৰেঞ্জ লিপবাম ঃ এচামুচ নাৰিকল তেল, এচামুচ অলিভ অইল, দুচামুচ ম’ম, দুচামুচ চিয়া বাটাৰ, আঠ ফোটা অৰেঞ্জ এচেনচিয়াল অইল, চাৰি চামুচ ভেনিলা এচেন্স লৈ গৰম কৰি তাৰ মাজত অৰেঞ্জ অইল আৰু ভেনিলাৰ নিৰ্যাস হিলাই ঠাণ্ডা কৰি সৰু পাত্ৰত ভৰাই ৰাখি সংৰক্ষণ কৰি তাৰ পৰা ওঁঠত লগাওক৷মিণ্ট লিপ বাম ঃ এচামুচ নাৰিকল তেল, এচামুচ আলমণ্ড অইল, এচামুচ ম’ম, আঠ ফোটা পেপাৰমিণ্ট অইল লওক৷ তেল আৰু মাখন দুচামুচ দুই মিনিটমান মাইক্ৰ’অভেনত গৰম কৰক৷ তাত ম’ম দিব৷ ঠাণ্ডা হোৱাৰ পাছত মিণ্ট অইল মিহলাব৷ এই মিশ্ৰণটো এটা পাত্ৰত সংৰক্ষণ কৰি তাৰ পৰা ওঁঠত ব্যৱহাৰ কৰক৷চাৰি চামুচ আলমণ্ড অইল, এচামুচ ম’ম, এচামুচ মৌ, চাৰি চামুচ ভিটামিন-ই অইল, সাত ফোটা লেভেণ্ডাৰ অইল, এচামুচ কোকো পাউডাৰ লওক৷ তেল, ম’ম আৰু মৌ একেলগে গৰম কৰিব৷ অলপ ঠাণ্ডা হ’লে তাত লেভেণ্ডাৰ অইল, ভিটামিন-ই তেল, কোকো পাউডাৰ মিহলাই এটা বৰফভৰ্তি পাত্ৰত ৰাখি থ’ব৷ ইয়াৰ পৰা ওঁঠত লগালে সুফল পাব৷