Daily newsDiet PlusFitness PlusHealth NaturallyHealth Talksএই সৰু মাছবিধ প্ৰ’টিনৰ ‘পাৱাৰহাউছ’By Health Plus - April 19, 202507Facebook Twitter Pinterest WhatsApp মাছ আমাৰ সকলোৰে প্ৰিয় খাদ্য৷ প্ৰ’টিনেৰে সমৃদ্ধ মাছ ভাতৰ লগত পালেই বহুতৰে মুখত হাহি বিৰিঙি উঠে৷ মাছ প্ৰিয়সকলে দুবেলাৰ পাতত মাছ অবিহনে এসাঁজো খাব নোৱাৰে৷ মাছ অকল সুস্বাদুয়েই নহয়, মাছে আমাৰ শৰীৰৰ কাৰণে বিভিন্ন উপকাৰ সাধন কৰে৷ মাছৰ উৎস, চৰ্বিৰ পৰিমাণ আৰু ফাইবাৰ অনুযায়ী মাছক বিভিন্ন প্ৰকাৰে ভাগ কৰা হয়৷ ৰৌ, ভকুৱা, পুঠি আদি মিঠাপানীৰ মাছ৷ একেদৰে ৰূপচন্দা, ইলিচ, ভেটকি আদি নোনাপানীৰ মাছ৷ কম চৰ্বিযুক্ত মাছৰ ভিতৰত মাগুৰ, শিঙি, শিঙৰা, বেছি চৰ্বিযুক্ত মাছ যেনে চিতল. পাভ, ইলিচ আদি৷ আনহাতে বহুতৰে পচন্দৰ এবিধ মাছ হ’ল টেংৰা মাছ৷ টেংৰা মাছ প্ৰ’টিন আৰু কেলচিয়ামেৰে ভৰপূৰ৷ এইবিধ মাছে হাৰ্ট, লিভাৰ, ,কিডনী আদি সুস্থ কৰাৰ লগতে হাড় লোহাৰ দৰে শক্ত কৰি ৰাখে৷ টেংৰা মাছত বিৰল একধৰণৰ ওমেগা থ্ৰি ফেটি এচিড পোৱা যায়৷ ইয়াৰ উপৰি স্বাস্থ্যকৰ ফেট থাকে টেংৰা মাছত৷ এশ গ্ৰাম টেংৰা মাছত ১৪৪ কেলৰি শক্তি পোৱা যায়৷ এই মাছত ১৯.২ গ্ৰাম প্ৰ’টিন, ৬.৫ গ্ৰাম চৰ্বি, ২৭০ মিলিগ্ৰাম কেলচিয়াম, ২ মিলিগ্ৰাম আইৰন থাকে৷ এনিমিয়াৰ ৰোগীৰ কাৰণে টেংৰা মাছ খুব উপকাৰী৷ শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ চালে টেংৰা মাছৰ জোল বনাই খাব পাৰে৷ একাধিক গৱেষণাত দেখা গৈছে যে কেঞ্চাৰৰ সম্ভাৱনা কমাই ৰাখিবলৈ নিয়মিতভাৱে টেংৰা মাছ খাব পাৰে৷ অকল এয়াই নহয়, গৰ্ভৱতী মহিলাই এই মাছ খালে শৰীৰৰ পৰ্যাপ্ত প্ৰ’টিন পাব পাৰে৷ হাৰ্টৰ কাৰণে অত্যন্ত উপকাৰী এই মাছবিধ৷ কেলচিয়ামেৰে সমৃদ্ধ এই মাছ খালে দাঁত আৰু হাড় মজবুত হৈ থাকে৷ টেংৰা মাছ খোৱাৰ ফলত শৰীৰত কোলাজেন বৃদ্ধি হয়৷ যিহেতু কোলাজেন ছাল আৰু চুলিৰ বাবে প্ৰয়োজন, সেয়ে এই মাছবিধ খালে ছাল আৰু চুলিৰ স্বাস্থ্য ভালে থাকে৷ প্ৰতিদিনে টেংৰা মাছ খালে বাতৰ বিষ আৰু ডায়েবেটিছৰ দৰে ৰোগে শৰীৰত বাস কৰিব নোৱাৰে৷ চকুৰ সমস্যাত যিসকলে ভুগিছে, তেওঁলোকে টেংৰা মাছ খোৱাৰ অভ্যাস কৰক৷ বিশেষকৈ এই মাছৰ চামৰা আৰু তেল চকুৰ কাৰণে খুব ভাল৷ এই মাছত থকা উপাদানে চকুৰ শুষ্কতা প্ৰতিৰোধ কৰে৷ টেংৰা মাছ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ সেয়ে পুষ্টিবিদে সপ্তাহত অন্ততঃ দুদিন টেংৰা মাছ খোৱাৰ পৰামৰ্শ দিয়ে৷