দৈ আমাৰ শৰীৰৰ বাবে অতি স্বাস্থ্যকৰ খাদ্য৷ বিশেষকৈ গৰমৰ দিনকেইটা দৈনিক দৈ খালে শৰীৰ সু্স্থ থকাৰ লগতে শৰীৰৰ প্ৰয়োজনীয় উপাদানৰো যোগান ধৰে৷ প্ৰখৰ ৰ’দৰ পৰি আহি একাপ দৈ সেৱন কৰিলে শৰীৰে শীতলতা অনুভৱ কৰে৷ এক কথাত দৈ শৰীৰৰ কাৰণে খুব উপকাৰী৷ দৈ প্ৰ’বায়’টিক গুণেৰে সমৃদ্ধ, যিয়ে শাৰীৰিক যথেষ্ট উপকাৰ সাধন কৰে৷ কিন্তু এশ গুণৰ অধিকাৰী হ’লেও এইসকল লোকে দৈ খোৱাটো উচিন নহয়৷ অৰ্থাৎ কিছুমান শাৰীৰিক অসুবিধা থাকিলে দৈ খোৱাটো মুঠেও উপযোগী নহয়৷ দৈ খোৱাৰ ফলত এইসকল লোক বিপদত পৰিব পাৰে৷ মনত ৰাখিব এইসকল লোকে দৈ খোৱা বৰ্জন কৰা ভাল৷ আথ্ৰাৰাইটিছৰ সমস্যা থকা মানুহে দৈ খোৱা উচিত নহয়৷ দৈ সেৱন কৰাৰ ফলত জইণ্টৰ বিষ বঢ়াই দিব পাৰে৷ যিসকলৰ পাচন ক্ষমতা ভাল নহয়, তেওঁলোকে দৈ খোৱাৰ ফলত পেট ফুলা সমস্যাই দেখা দিব পাৰে৷ আনহাতে চৰ্দি, কাহ আদিৰ সমস্যা থাকিলে এনে অৱস্থাত দৈ খোৱা একেবাৰে অনুূচিত৷ দৈ খালে কাহৰ সমস্যা বাঢ়ি যাব পাৰে৷ দৈ ঠাণ্ডা প্ৰকৃতিৰ খাদ্য৷ এজমাৰ সমস্যা থকা লোকে পৰাপক্ষত দৈ সেৱনৰ পৰা বিৰত থকা ভাল৷ যিসকলৰ লোকৰ ইউৰিক এচিডৰ সমস্যা আছে, সেইসকল লোকে দৈ একেবাৰে নাখাব৷